সমাগত কৰ্ণাটক বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ ব্যস্ত কৰ্ণাটকৰ সকলো দল। ৰাষ্ট্ৰীয় দল সমূহৰ ৰথী-মহাৰথী সকলে নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পাতিছে ৰাজ্যখনত।
ইয়াৰ মাজতে যোৱা ২৫ এপ্ৰিলত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিলে এক বিস্ফোৰক মন্তব্য। নিৰ্বাচনী সভাত সাম্প্ৰদায়িক হিংসাৰ উচটনিমূলক কথা ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে।
ভাষণৰ মাজতে অমিত শ্বাহে ক’লে, ‘আগন্তুক নিৰ্বাচনত যদি ভাৰতীয় জাতীয় কংগ্ৰেছে জয়ী হয়, তেন্তে সমগ্ৰ কৰ্ণাটক ৰাজ্যখন সাম্প্ৰদায়িক দাঙ্গাত আক্ৰান্ত হ’ব’।
অমিত শ্বাহৰ এই বক্তব্যৰ বাবেই এতিয়া কৰ্ণাটক কংগ্ৰ্ৰেছে দাখিল কৰিছে এজাহাৰ। বৃহস্পতিবাৰে কৰ্ণাটক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰনদীপ সিং সুৰজেৱালা, কেপিচিচিৰ সভাপতি ডি. শিৱকুমাৰ আৰু কেপিচিচিৰ প্ৰাক্তন সভাপতি জি পৰমেশ্বৰে অমিত শ্বাহে ঘৃণা বিয়পোৱা বুলি অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছে।
তেওঁলোকে অভিযোগ কৰে যে বিজেপি নেতাগৰাকীয়ে ইচ্ছাকৃতভাৱে ভুৱা বক্তব্য দিয়া, ভোটাৰক বিজেপিৰ সপক্ষে ভোট দিবলৈ ভাবুকি দিয়া, কংগ্ৰেছৰ নেতা সকলৰ বিৰুদ্ধে মিছা অভিযোগ অনাৰ বাবে অমিত শ্বাহৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু জন প্ৰতিনিধিৰ আইন ১৯৫১ ৰ অধীনত তদন্ত আৰু শাস্তি হ’ব লাগে।