গোৱালপাৰা জিলা পৰিষদ গঠন কৰিলে কংগ্ৰেছে
উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে গোৱালপাৰা জিলা পৰিষদ গঠন কৰি স্বস্তিৰ নিঃশ্বাস এৰিছে কংগ্ৰেছে। জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত উপায়ুক্ত বৰ্ণালী ডেকাই সভাপতিত্ব কৰা এখন সভাত পঞ্চায়তী আইন, ১৯৯৪ ৰ ৭০ নং ধাৰা অনুসৰি গোপন বেলত কাকতত ভোট দান কৰি নিৰ্বাচিত সদস্যসকলে নতুন সমিতিখন গঠন কৰে।
মুঠ ১৬জন সদস্য থকা পৰিষদখনলৈ কংগ্ৰেছৰ পৰা এইবাৰ ৭ জন সদস্য নিৰ্বাচিত হয়। কংগ্ৰেছৰ প্ৰাৰ্থী দেমজিয়া মাৰাক ৰাভা হাছং জইণ্ট ম’ভমেণ্ট সমিতি, বিজেপি আৰু এ আই য়ু ডি এফৰ সন্মিলিত বিৰোধী প্ৰাৰ্থী প’ৰিতা ৰংখোক এটা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জিলা পৰিষদখনৰ সভাপতিৰূপে নিৰ্বাচিত হয়।
উল্লেখযোগ্য যে এ আই য়ু ডি এফৰ জলেশ্বৰ সমষ্টিৰ সদস্য ফিৰোজা বেগম অনুপস্থিত থকা বাবে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সভাপতি হোৱাৰ বাট সহজ হৈ পৰে।
আনহাতে, মাটিয়া সমষ্টিত কংগ্ৰেছৰ বিধায়ক এ কে ৰচিদ আলমৰ ভনীয়েকক পৰাস্ত কৰা নিৰ্দলীয় প্ৰাৰ্থী চৰিফা আহমেদ উপসভাপতি হিচাপে নিৰ্বাচিত হয়। গোৱালপাৰা জিলা পৰিষদত কংগ্ৰেছে সাতটা, বিজেপি আৰু এ আই ইউ ডি এফে তিনিটাকৈ সদস্য পদত বিজয়ী হৈছিল।