উৎকণ্ঠাৰ অন্ত পেলাই মঙলবাৰে গোৱালপাৰা জিলা পৰিষদ গঠন কৰি স্বস্তিৰ নিঃশ্বাস এৰিছে কংগ্ৰেছে। জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত উপায়ুক্ত বৰ্ণালী ডেকাই সভাপতিত্ব কৰা এখন সভাত পঞ্চায়তী আইন, ১৯৯৪ ৰ ৭০ নং ধাৰা অনুসৰি গোপন বেলত কাকতত ভোট দান কৰি নিৰ্বাচিত সদস্যসকলে নতুন সমিতিখন গঠন কৰে।
মুঠ ১৬জন সদস্য থকা পৰিষদখনলৈ কংগ্ৰেছৰ পৰা এইবাৰ ৭ জন সদস্য নিৰ্বাচিত হয়। কংগ্ৰেছৰ প্ৰাৰ্থী দেমজিয়া মাৰাক ৰাভা হাছং জইণ্ট ম’ভমেণ্ট সমিতি, বিজেপি আৰু এ আই য়ু ডি এফৰ সন্মিলিত বিৰোধী প্ৰাৰ্থী প’ৰিতা ৰংখোক এটা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জিলা পৰিষদখনৰ সভাপতিৰূপে নিৰ্বাচিত হয়।
উল্লেখযোগ্য যে এ আই য়ু ডি এফৰ জলেশ্বৰ সমষ্টিৰ সদস্য ফিৰোজা বেগম অনুপস্থিত থকা বাবে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সভাপতি হোৱাৰ বাট সহজ হৈ পৰে।
আনহাতে, মাটিয়া সমষ্টিত কংগ্ৰেছৰ বিধায়ক এ কে ৰচিদ আলমৰ ভনীয়েকক পৰাস্ত কৰা নিৰ্দলীয় প্ৰাৰ্থী চৰিফা আহমেদ উপসভাপতি হিচাপে নিৰ্বাচিত হয়। গোৱালপাৰা জিলা পৰিষদত কংগ্ৰেছে সাতটা, বিজেপি আৰু এ আই ইউ ডি এফে তিনিটাকৈ সদস্য পদত বিজয়ী হৈছিল।