গুলাম নবী আজাদে কৰা অভিযোগ সঁচা নহয়, আজাদৰ পদত্যাগৰ পিছতে কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

গুলাম নবী আজাদৰ পদত্যাগে কংগ্ৰেছৰ ভিতৰ চ’ৰা কঁপাই তুলিছে। কেন্দ্ৰীয় নেতৃত্বই এতিয়া দলটোৰ জ্যেষ্ঠ নেতা আজাদক মিথ্যচাৰী সজাবলৈ তৎপৰ হৈ পৰা দেখা গৈছে। আজাদে যিবোৰ অভিযগ দাখিল কৰি পদত্যাগ কৰিছে সেই সকলো অভিযোগেই এতিয়া অস্বীকাৰ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কয় যে দলটোৰ গুৰুতৰ ক্ষতি কৰাৰ বাবেই আজাদে ৰাহুল গান্ধীক দোষাৰোপ কৰিছে। আজাদৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়ৰাম ৰমেশে কয়, “এয়া দুৰ্ভাগ্যজনক, দুখজনক যে যিটো সময়ত সংগঠনটোৱে মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ লগতে অন্যান্য বিষয়ত বিজেপিৰ বিৰুদ্ধে যুঁজ দি আছে তেনে সময়তে এনে ঘটনা ঘটিছে।” কংগ্ৰেছে আজাদৰ পদত্যাগৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰি কয়, “গুলাম নবী আজাদৰ পত্ৰৰ বিষয়বস্তু তথ্যগত নহয়।” গুলাম নবী আজাদক দলৰ এজন জ্যেষ্ঠ নেতা বুলি স্বীকাৰ কৰি কংগ্ৰেছে কয় যে “দলটোৱে বিভিন্ন বিষয়ত যুঁজ দিয়াৰ সময়ত তেওঁ ত্যাগ কৰাটো দুখজনক ।মুদ্ৰাস্ফীতি আৰু মেৰুকৰণৰ বিৰুদ্ধে কংগ্ৰেছে দি থকা যুঁজ খনৰ পৰা তেওঁ আঁতৰি গৈছে।”

গুলাম নবী আজাদে তেওঁৰ দীঘলীয়া পদত্যাগ পত্ৰত ৰাহুল গান্ধীক দলটো ধ্বংসৰ বাবে দোষাৰোপ কৰিছে।আজাদে অভিযোগ কৰিছিল যে ২০২০ চনত দলটোত সংস্কাৰ বিচৰাসকলৰ পত্ৰৰ পিছত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সম্প্ৰসাৰিত বৈঠকত তেওঁলোকক দুৰ্ব্যৱহাৰ, অপমান কৰা হৈছিল। ৰাহুল গান্ধীৰো হাতত পৰা সেই পত্ৰত দলটোৰ ২৩ জন নেতাই স্বাক্ষৰ কৰিছিল। পদত্যাগ পত্ৰত আজাদে কয়, “দুৰ্ভাগ্যবশতঃ, কংগ্ৰেছ দলৰ পৰিস্থিতি এনে এক বিন্দুত উপনীত হৈছে যে এতিয়া “দলটোৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ প্ৰক্সিসকলক অনা হৈছে। এই পৰীক্ষাও বিফল হ’ব, কিয়নো দলটো এনে এক পৰিস্থিতিত উপনীত হৈছে য’ৰ পৰা দলটোক পুনৰুদ্ধাৰ কৰিব পৰা নাযাব। ।”