অগপৰ দুৰ্গ কলিয়াবৰত কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা বজালে সাংসদ গৌৰৱ গগৈয়ে

Congress in Koliabor

ফটো: নৰ্থইষ্ট নাও।

অগপৰ দুৰ্গ হিচাপে পৰিচিত কলিয়াবৰত উপস্থিত হৈ ঢোলত চাপৰ দি নিৰ্বাচনী ৰণডংকা বজালে সাংসদ গৌৰৱ গগৈয়ে।

অৱশেষত কলিয়াবৰত কংগ্ৰেছ দলে উপস্থিতিৰ উমান দিলে অসম বচাওঁ আহক অভিযানৰ জৰিয়তে।

শুকুৰবাৰে নিশা কলিয়াবৰত কংগ্ৰেছ দলে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হস্পিতাল চাৰিআলিলৈকে এক বিশাল বাইক ৰেলী বাহিৰ কৰে।

অসমৰ পৰা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰক উৎখাত কৰাৰ লক্ষ‍্যৰে কংগ্ৰেছ দলৰ সাংসদদ্বয় গৌৰৱ গগৈ আৰু প্ৰদ‍্যুৎ বৰদলৈ¸ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কলিয়াবৰত নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হয়।

ঐতিহাসিক শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সমীপৰ জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় খেলপথাৰত উপস্থিত ৰাইজক সম্বোধি কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰৰ পৰা অসম বচোৱাৰ আহ্বান জনায়।

নগাঁৱৰ সাংসদ প্ৰদ‍্যুৎ বৰদলৈ আৰু চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনেও উপস্থিত ৰাইজক সম্বোধন কৰি বৰ্তমানৰ জাতিদ্ৰোহী চৰকাৰখনক উৎখাত কৰি কংগ্ৰেছ মিত্ৰজোঁটক ভোট দি ৰাইজক জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

আনহাতে, বাজেট¸ অখিল গগৈ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

ইপিনে, জখলাবন্ধা উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয় খেলপথাৰৰ পৰা জখলাবন্ধা আৰক্ষী নিৱেশলৈকে ৩৭ নং ৰাষ্ট্ৰীয় পথত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ‍্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ভাগ লোৱা পদযাত্ৰাত অংশ লয় সহস্ৰাধিক কংগ্ৰেছী সমৰ্থকে। পদযাত্ৰাৰ সময়ছোৱাত কিছু যান-জঁটৰ সৃষ্টি হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।