২০১৬ চনত প্ৰদ্যুৎ বৰদলৈৰ চেহেৰা চাই চাই সমষ্টিবাসী ৰাইজে আমনি পাইছিল, সেইয়ে তেওঁক বিদায় দিছিল; কোনে ক’লে?

মাৰ্ঘেৰিটাত কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ হৈ নিৰ্বাচনী প্রচাৰ কংগ্ৰেছী নেতা সাংসদ প্রদ্যুৎ বৰদলৈৰ

IMG_20210317_175153

মাৰ্ঘেৰিটাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত প্ৰদ্যুৎ বৰদলৈ। ফটো: নৰ্থইষ্ট নাও।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল তথা প্রাৰ্থী সকল নিৰ্বাচনী প্রচাৰত ব্যস্ত হৈ পৰিছে। ১২৪নং  মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটো  ৰাজনৈতিক দল আৰু প্রাৰ্থীসকল  নিৰ্বাচনী প্রচাৰক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

বুধবাৰে কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ হৈ প্রচাৰ অভিযানত অংশ গ্রহণ কৰে নগাঁওৰ সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্রদ্যুত বৰদলৈয়ে।

সাংসদ গৰাকীয়ে মাৰ্ঘেৰিটা সমষ্টিৰ  বুঢ়ীদিহিং, টিৰাপ আৰু মাকুম মৌজাৰ তিনিখন নিৰ্বাচনী সভাত অংশ গ্রহণ কৰে।

সন্ধিয়া উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি  কংগ্রেছ প্রাৰ্থী গৰাকীয়ে কয় যে বিধানসভাত শুই থকা বা দেখিবলৈ নোপোৱা বিধায়ক নহয় মাৰ্ঘেৰিটাবাসীক অসম বিধানসভাত সমষ্টিটোৰ সমস্যাসমূহক বলিষ্ঠভাবে উপস্থাপন কৰা বিধায়ক লাগে।

সেয়ে সমষ্টিটোৰ প্রকৃত উন্নয়নৰ স্বাৰ্থত আৰু বিধানসভাত সমষ্টিৰ সমস্যাক বলিষ্ঠভাবে উপস্থাপনৰ বাবে কংগ্রেছক ভোটদানৰ আহ্বান জনায়।

কংগ্রেছ প্রাৰ্থী  গৰাকীয়ে ভাষণত প্রসংগক্ৰমে কয় যে অসমত ২০২১ চনত  কংগ্রেছ  দলে চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্রী প্রদ্যুত বৰদলৈ হোৱাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত প্রয়োজন হলে মাৰ্ঘেৰিটা বিধানসভা সমষ্টি আসনখনৰ পৰা বৰদলৈক  প্রতিদ্বন্দ্বিতা  কৰাৰ সুবিধা নিশ্চিতভাবে দিয়াৰ প্রতিশ্রুতি দিয়ে।

সাংসদ প্রদ্যুত বৰদলৈয়ে ভাষণত কয় পৰিবৰ্তন আৰু জাতি মাটি ভেটিৰ কথা  কৈ ক্ষমতালৈ অহা সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে অসমৰ দখলত থকা মাটি বাংলাদেশক গতালে। কা জাপি দি বিজেপি চৰকাৰে অসমবাসীক বিশ্বাসঘাতকতা কৰিলে বুলি অভিযোগ কৰে।

সোণোৱাল চৰকাৰে চিণ্ডিকেট ৰাজ চলোৱা বুলি সাংসদ গৰাকীয়ে অভিযোগ কৰে।

মাৰ্ঘেৰিটা সমষ্টিৰ দুৰৱস্থা দেখি মনত দুখ লগাৰ বাবেই মাৰ্ঘেৰিটালৈ অহা কম হোৱা বুলি কয় বৰদলৈয়ে। মাৰ্ঘেৰিটাৰ বিজেপি প্রাৰ্থী ভাস্কৰ শৰ্মাক সাংসদ গৰাকীয়ে তীব্র সমালোচনা কৰে।

কংগ্রেছৰ নেতৃত্বত চৰকাৰ অসমত গঠন হব আৰু পাঁচটা গেৰান্টি  নিশ্চিতভাবে ৰূপায়ন কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে ২০১৬ চনত প্ৰদ্যুৎ বৰদলৈৰ চেহেৰা চাই চাই মাৰ্ঘেৰিটা ৰাইজে আমনি পাইছিল সেইয়ে তেওঁক ৰাইজে বিদায় দিছিল বুলি ভাষণ প্ৰসংগত প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে ।

তেওঁ নতুন ৰাজনৈতিক দলক বিজেপিৰ বি টিম নহ’বলৈ আহ্বান জনায়। সভাত জ্যেষ্ঠ কংগ্রেছ নেতা সৰোজ ৰয়, তৌফিক খান, ব্লক কংগ্রেছৰ ভাৰপ্রাপ্ত সভাপতি ৰুবুল গগৈ  আদি উপস্থিত থাকে।

সভাত কেইবা সহস্রাধিক লোকে অংশ গ্রহণ কৰাৰ লগতে জাগুনৰ পৰা এক বিশাল সমদলেৰে মাৰ্ঘেৰিটাৰ সভাস্থলীলৈ সাংসদ গৰাকীক আদৰি আনে। সভাত কেইবাগৰাকী বিজেপি সদস্যই কংগ্রেছত যোগদান কৰে।