NORTHEAST NOW (Assamese)

অসমৰ মুখ্যমন্ত্ৰীৰ ঠিকনা সুধি কংগ্ৰেছ নেত্ৰীয়ে ক’লে, তেওঁ হিমন্ত বিশ্ব শৰ্মালৈ ‘কুৰিয়াৰ কৰিব তেওঁৰ প্ৰিয় বিস্কুট’

April 9, 2023 1:28 pm · এন ই নাও নিউজ, গুৱাহাটী

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ ঠিকনা প্ৰেৰণ কৰিবলৈ কৈছে যাতে তেওঁ শৰ্মালৈ ‘তেওঁৰ প্ৰিয় বিস্কুট কুৰিয়ৰ’ কৰিব পাৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘আদালতত দেখা হ’ব’ বুলি ‘সতৰ্কবাণী’ দিয়াৰ পিছত  মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যুত্তৰ দি সুপ্ৰিয়া শ্ৰীনাটে এটা টুইটযোগে কয়, ‘হিমন্ত ‘লুই বাৰ্জাৰ’ শৰ্মা, আপোনাৰ অসাৰ ভাবুকি নিজৰ লগতে ৰাখক। আৰু আপোনাৰ ঠিকনা মোলৈ পঠাওক – আপোনাৰ প্ৰিয় বিস্কুটবোৰ আপোনালৈ কুৰিয়াৰ কৰি পঠাম।”

কংগ্ৰেছ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হোৱা টুইটাৰ যুদ্ধ আৰম্ভ হৈছিল ৰাহুল গান্ধীয়ে আদানী আৰু ২০ হাজাৰ কোটি টকাৰ ওপৰত কৰা টুইটৰ পিছত।

লগতে পঢ়ক: আদানীয়ে মধ্যমণি! ৰাহুল গান্ধীৰ টুইটকলৈ ক্ষুব্ধ হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘আদালতত দেখা হ’ব’

ৰাহুল গান্ধীয়ে এটা কটাক্ষমূলক টুইটযোগে পাঁচগৰাকী প্ৰাক্তন কংগ্ৰেছ নেতা– গুলাম নবী আজাদ, কিৰণ কুমাৰ ৰেড্ডী, অনিল এণ্টনি, জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ কৰিছিল।

এই পাঁচগৰাকী নেতাৰ ভিতৰত আজাদে কংগ্ৰেছৰ সৈতে দশক দশক পুৰণি সম্পৰ্ক বিচ্ছিন্ন কৰাৰ বিপৰীতে ৰেড্ডী, এণ্টনি, সিন্ধিয়া আৰু শৰ্মাই বিজেপিলৈ ঢাপলি মেলিছিল।

লগতে পঢ়ক: ইমান টকা! প্ৰধানমন্ত্ৰী মোডীৰ প্ৰিয় অধিবক্তাৰ পত্নীয়ে দিল্লীত কিনিলে ১৬০ কোটি টকাৰ বাংলো

সুপ্ৰিয়া শ্ৰীনাটেৰ এই উত্তৰটো অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে ৰাহুল গান্ধীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ বিৱৰণীৰ প্ৰসংগত টানি অনা হৈছে।

২০১৫ চনৰ আগষ্ট মাহত কংগ্ৰেছ দল ত্যাগ কৰাৰ পূৰ্বে শৰ্মাই নতুন দিল্লীত ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল।

এই বৈঠকৰ কথা মনত পেলাই শৰ্মাই পিছত কৈছিল যে একেখন প্লেটৰ পৰাই বিস্কুট কুকুৰটোক দিয়া হৈছিল আৰু কংগ্ৰেছৰ নেতাসকলকো আগবঢ়োৱা হৈছিল।

শৰ্মাই কৈছিল যে বৈঠকত একাংশ কংগ্ৰেছ নেতাই সেই একেখন প্লেটৰ পৰা বিস্কুট খাইছিল, য’ৰ পৰা ৰাহুল গান্ধীৰ কুকুৰ পিডীয়েও বিস্কুট খাইছিল।

ৰাহুল গান্ধীয়ে নেতাসকলৰ কথা নুশুনি নিজৰ কুকুৰটোৰ লগত খেলি আছিল।

Related News