অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ! নেতৃত্বৰ বিৰুদ্ধে কি অভিযোগ দাহালৰ?

WhatsApp Image 2022-02-24 at 3.14.04 PM

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে কংগ্ৰেছ নেতা ভাস্কৰ দাহালে। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰে দাহালে। ভাস্কৰ দাহাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ মুখপাত্র আছিল।

তেওঁ কয় “কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই, কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপায়।”

বিগত লোকসভা নির্বাচনত টিকট বিচাৰোঁতে টকা বিচৰাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে।তেজপুৰ সমষ্টিৰ টিকটৰ বাবদ অসমৰ তদানীত্বন কংগ্ৰেছ তত্বাৱধায়ক হৰিশ ৰাৱটে এইদৰে টকা বিচাৰিছিল বুলি অভিযোগ কৰে দাহালে।

লগতে পঢ়ক:ৰাছিয়া-ইউক্ৰেন যুদ্ধ: তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান ভাৰতৰ

তেওঁ অভিযোগ কৰা মতে, একমাত্ৰ টকাৰ বিনিময়ত তেজপুৰত এম জি ভি কে ভানুক টিকট দিয়া হৈছিল।

এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতি বনাব নোৱাৰে বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’কংগ্ৰেছে বিজেপিক শক্তিশালী কৰি আছে। দলৰ কোনো নীতি-আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছৰ বিধায়কসকলে দল ত্যাগ কৰিছে। কংগ্ৰেছে গোৰ্খা সকলক অৱহেলা কৰি আহিলে, মণি চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট নিদিলে।‘’

কংগ্ৰেছত অন্তঃকন্দল চলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছত নিমিলা অংক বেছি সেয়েহে কাৰো লগত মিত্ৰতাত টিকি থাকিব নোৱাৰে। কংগ্ৰেছত লবীকেন্দ্ৰিক ৰাজনীতি চলিছে বুলিও তেওঁ দাবী কৰে।

উপ নির্বাচনত তামুলপুৰত টিকট দিয়াৰ পিছত টকা নিদিয়াত তেওঁক ভাবুকি দিয়া বুলি এক গুৰুতৰ অভিযোগো আনে পদত্যাগী কংগ্ৰেছ নেতা ভাস্কৰ দাহালে। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ ছাথে টকাৰ দাবী কৰিছিল বুলি সদৰী কৰে।

লগতে পঢ়ক: ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কিয় আক্ৰমণ কৰিলে ইউক্ৰেইন? এই যুদ্ধৰ সৈতে জড়িত কেইটামান দিশ

আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হোৱাৰ যোগ্য নহয় বুলি দাহালে কটাক্ষ কৰি কয়, ‘বিৰোধী দলপতিয়ে ৫ কেজিতকৈ এক পাল্লাক বেছি বুলি কয়।‘

ইপিনে, ভাস্কৰ দাহালৰ এই পদত্যাগৰ ঘটনাক ৰাজনৈতিক পৰ্যবেক্ষক মহলে নেতাগৰাকী কোনো নতুন দলত যোগদানৰ বাবে প্ৰস্তুতি চলাই ইমান পলমকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে এনে অভিযোগসমূহ আনিছে। কিয়নো এগৰাকী শক্তিশালী নেতা হিচাপে উক্ত অভিযোগসমূহ তেওঁ যথাসময়ত দাঙি ধৰিব পাৰিব লাগিছিল।