• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া শাসনকালত বিধ্বস্ত ভাৰতৰ অৰ্থনীতি: ৰিপুন বৰা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 10, 2021 2:52 pm
rr
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুক্ৰবাৰে অনুষ্ঠিত এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া শাসনকালত ভাৰতৰ বিধ্বস্ত অৰ্থনীতিৰ কথা বৰ্ণনা কৰে।

তেওঁ কয় যে “এখন দেশৰ সুস্থ অর্থনীতিৰ মাপ-কাঠী হৈছে নিয়তি দ্রব্য মূল্য আৰু মুদ্রাস্ফীতি, কার্যক্ষম নিয়োগ ব্যৱস্থা নিয়ন্ত্রিত বৈদেশিক ঋণ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পূর্ণ বিকাশ, জনসাধাৰণৰ সুস্থিৰ ক্ৰয় ক্ষমতা, জনমূৰি আয় ইত্যাদি।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া আৰু বিজেপি দলে ২০১৪ চনৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহৰ মূখ্য প্ৰতিশ্ৰুতি আছিল

প্রতিবছৰে ২ কোটি নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি আৰু কৰ্মসংস্থাপন প্রদান। কিন্তু ইয়াৰ বিপৰীতে যোৱা ৪৫ বছৰৰ ভিতৰত ভাৰতবৰ্ষত সৰ্বাধিক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। CMIE (Centre For Monitoring Indian Economy)ৰ মতে বর্তমান ভাৰতত নিবনুৱাৰ হাৰ চহৰ অঞ্চলত ৯.৩%, গ্রামাঞ্চলত ৬.৮% আৰু সামগ্ৰিকভাৱে গোটেই দেশত ৭.৬%।

মোডীৰ ভুল বিমুদ্ৰাকৰণনীতি আৰু GSTৰ ফলত প্ৰায় ৫০ লাখ মানুহে কর্ম সংস্থাপন হেৰুৱাব লগা হৈছে৷ ইয়াৰ পাছত বিশ্বব্যাপী হোৱা কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্রী মোডীৰ অপৰিকল্পিত দীর্ঘদিনীয়া লকডাউনৰ ফলত প্রায় ২কোটি মানুহ বিভিন্ন খণ্ডত কৰ্মচ্যুত হৈছে৷ আনকি ২০২১ চনৰ প্রথম ৬ মাহত প্রায় ২৫ মিলিয়নৰ অধিক লোকে কর্মসংস্থাপন হেৰুৱাইছে।

CMIEৰ তথ্য অনুযায়ী বর্তমান ভাৰতত ৭৫ মিলিয়ন লোকে অতিৰিক্তভাৱে দৰিদ্ৰতাত ভুগিছে আৰু প্ৰায় ১০০ মিলিয়ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ উপাৰ্জন পূৰ্বৰ উপাৰ্জনতকৈ আধালৈ পৰিবৰ্তিত হৈছে৷”

আনহাতে Reserve Bankৰ লাভাংশ আৰু অতিৰিক্ত ভাৱে সঞ্চিত টকা মোডী চৰকাৰে নজিৰ বিহীনভাৱে বলপূর্বক খৰছ কৰিছে।

সাধাৰণতে দেশত উদ্ভৱ হোৱা অৰুৰীকালীন আৰু কঠিন বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ ৰিজাৰ্ভ বেংকৰ লাভাংশৰ এক নিৰ্দিষ্ট পৰিমাণৰ পুঁজি সদায় সংৰক্ষিত কৰি ৰাখে।

১৯৬২ চনৰ ভাৰত চীনা যুদ্ধ, ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ আৰু ১৯৭০-৭১চনৰ বাংলাদেশ যুদ্ধৰ সময়তো ভাৰত চৰকাৰে দেশত উদ্ভৱ হোৱা অৰ্থনৈতিক সংকটৰ সময়তো ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত টকা কৰা নাছিল।

কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অৰ্থনৈতিক আৰু প্রশাসনিক অদক্ষতাৰ বাবে দেশ পৰিচালনা কৰিবলৈ প্রয়োজনীয় ৰাজহ সৃষ্টি কৰিব নোৱাৰি অতি সহজ পন্থাৰে ৰিজাৰ্ভ বেংকৰ স্বতস্থতা অস্বীকাৰ কৰি বলপূর্বকভাবে ২০১৯ চনত ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত পুঁজিৰ পৰা ১.৭৬ লাখ কোটি টকা আৰু ২০২০ চনৰ জুলাই মাহৰ পৰা ২০২১ ৰ মাৰ্চ মাহলৈ এই ৯ মাহৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত পুঁজিৰ পৰা পুনৰ ৯৯ হাজাৰ ১২২ কোটি টকা কেন্দ্ৰীয় চৰকাৰে উলিয়াই নিছে।

দেশৰ অৰ্থনীতিৰ বাবে এইটো এটা অশুভ সংকেত।অনিয়ন্ত্রিত বৈদেশিক ঋণৰ বোজাত বিধ্বস্ত ভাৰতৰ অৰ্থনীতিঃ ২০১৩-১৪ বিত্তীয় বৰ্ষত প্রধানমন্ত্রী মনমোহন সিংৰ কাৰ্যকালত ভাৰতৰ বৈদেশিক ঝণ নিয়ন্ত্রিত

অৱস্থাত আছিল। তেতিয়া বৈদেশিক ঋণৰ পৰিমাণ আছিল ৫৬ লাখ কোটি টকা।

২০২১ চনত প্ৰধানমন্ত্রী মোডীৰ লক্ষ্যবিহীন অর্থনীতিৰ ফলত বৈদেশিক ঋণৰ বোজা বাঢ়ি ঋণৰ পৰিমাণ হল- ১৩৫ লাখ ৮৬ হাজাৰ ৯৭৫ কোটি। অর্থাৎ সাত বছৰত ভাৰতৰ বৈদেশিক ঋণ বৃদ্ধি পালে ৮০ লাখ কোটি।

ভাৰত চৰকাৰৰ CMIE আৰু CAGৰ এই তথ্য আমাৰ দেশৰ অৰ্থনীতিৰ বাবে এক ভয়াবহ পৰিস্থিতি।

নিম্নগামী ক্রয় ক্ষমতা আৰু জনমুৰি আয়ঃ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ভুল নীতিৰ ফলত দেশৰ GDP (Gross Domestic Product) সকশে (ক্ষেত্ৰতে নিম্নগামী হৈছে। প্রধানমন্ত্রী মোডীয়ে কাৰ্যতাৰ লোৱাৰ সময়ত কংগ্ৰেছ চৰকাৰৰ স সেই সময়ত আমাৰ দেশৰ GDP ৭.৮% লৈ বৃদ্ধি হৈ এক অভিলেখ সৃষ্টি কৰিছিল।

কিন্তু মোডীৰ এই ৭ বছৰীয়া কাৰ্য্যকালত দেশৰ GDP ক্রমান্বয়ে নিম্নগামী হৈ বৰ্তমান পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আমাৰ GOP সর্বনিম্ন -৩.১% হৈছে। ইয়াৰ ফলত অৰতৰ অৰ্থনীতিত নিম্নউল্লেখিত দিশ সমূহত এক ঋণাত্মক প্ৰভাৱ পৰিছে।

উদাহৰণ স্বৰূপে ২০২০ চনৰ Global Hunger Index অনুযায়ী বিশ্বৰ ১০৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৯৪ এই পৰিসংখ্যাই ভাৰতৰ দৰিদ্ৰতাৰ ছবিখন বিশ্বত দাঙি ধৰিছে।

এই ক্ষেত্ৰত প্ৰধানমন্ত্রী মোডীৰ আমোলত ভাৰতৰ অৱস্থা ইমানেই সুখ লগা যে ভাৰততকৈ অতি সৰু আৰু বহু গুণে পিছ পৰা দেশ নেপালৰ স্থান ৭৩, পাকিস্তানৰ স্থান ৮৮, বাংলাদেশৰ স্থান ৭৫,ইণ্ডোনেছিয়া ৭০।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am
মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd