পুনৰ নিৰ্বাচনী হিংসা: খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি মণ্ডল কংগ্ৰেছৰ সভাপতি

congress leader attack in Khumtai

খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ নেতা ৰন্টু দাস।

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা আন প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যখনত নিৰ্বাচনী হিংসাৰ ঘটনাও সংঘটিত হ’বলৈ আৰম্ভ কৰিছে।

সোমবাৰে পুনৰ খুমটাইত এনে এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছে।

খুমটাইৰ কংগ্ৰেছৰ এগৰাকী মণ্ডল কংগ্ৰেছৰ সভাপতি ৰন্টু দত্তক  বিজেপি কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।

বিজেপি কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কংগ্ৰেছ নেতা ৰন্টু দত্ত।

নিৰ্বাচনী প্ৰচাৰৰ সময়তে সংঘটিত হোৱা এই ঘটনাত দোষীৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে কংগ্ৰেছে।

অৱশ্যে, কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি বিজেপিৰ সমৰ্থকে আক্ৰমণ কৰাৰ ঘটনা এইটোৱে প্ৰথম নহয়।

দেওবাৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাইক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছিল।

বৰগোঁহাইক প্ৰচাৰৰ বাবে থাওৰাত থকাৰ সময়তে আক্ৰমণ কৰা হৈছিল। ঘটনাটো ৰাজমাই চাহ উদ্যোগৰ সন্মুখত সংঘটিত হৈছিল।

বৰগোহাইয়ে অভিযোগ কৰিছিল যে এনে অভূতপূৰ্ব আক্ৰমণৰ আঁৰত বিজেপি প্ৰাৰ্থী কুশল দুৱাৰীৰ সমৰ্থকসকল আছিল।

সেইদৰে, একেধৰণৰ ঘটনা সংঘটিতো হৈছিল হাফলং সমষ্টিতো।

নিখিল ভাৰত মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দানাছাৰি অনসূয়াই বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে, কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শচীন চাহুৰ বাহনত আক্ৰমণৰ ঘটনাও সংঘটিত হৈছিল।

এনে হিংসাত্মক ঘটনাসমূহৰ আঁৰত বিজেপি কৰ্মী থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

নিৰ্বাচনৰ সময়ত এইদৰে কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰি আক্ৰমণৰ ঘটনাই শাসকীয় ক্ষমতাসীন দলৰ নেতা-কৰ্মীৰ হতাশাৰ প্ৰতিফলন বুলি ক’ব খোজে একাংশ সচেতন লোকে।

শাসনাধীষ্ঠ বিজেপি দলৰ বিৰুদ্ধে কংগ্ৰেছে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তীব্ৰ কৰি তুলিছে।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সভাসমূহত তথা প্ৰাৰ্থীসকলৰ প্ৰতি সমৰ্থনত সমষ্টিসমূহত ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে।

কংগ্ৰেছৰ এনে উত্থানত শংকিত হৈয়েই হতাশাত ভোগা শাসকীয় দলৰ নেতা-কৰ্মীয়ে এনে আক্ৰমণ সংঘটিত কৰাৰ অনুমান কৰা হৈছে।