• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰত লিপিবদ্ধ কংগ্ৰেছ নেতাৰ বক্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 1:15 pm
260
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ দলৰ নেত্ৰী  ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীৰ সম্পৰ্কে কৰা “অশ্লীল” মন্তব্যক লৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা কংগ্ৰেছ নেতাৰ বক্তব্য লিপিবদ্ধ কৰিছে উত্তৰাখণ্ডৰ স্থানীয় আদালতে।

২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই দলৰ নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উত্তৰাখণ্ড কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিযোগকাৰী গণেশ উপাধ্যায়ে যোৱা ১৫ মে’ত গোচৰটোৰ সৈতে জড়িত শুনানিৰ সময়ত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ হৈছিল।

উপাধ্যায়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই নাগৰিক সমাজৰ সদস্যসকলৰ আৱেগক গভীৰভাৱে আঘাত কৰিছে।

লগতে পঢ়কঃ হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

উপাধ্যায়ৰ মতে, ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত কিচ্চাত অনুষ্ঠিত এখন নিৰ্বাচনী বৈঠকৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল, “আমি কেতিয়াবা ৰাহুল গান্ধীক তেওঁৰ পিতৃ কোন তাৰ প্ৰমাণ দিবলৈ কৈছিলোনে?”

২০১৬ চনত ভাৰতে পাকিস্তানত চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য প্ৰদান কৰিছিল।

হিমন্ত বিশ্ব শৰ্মাৰ এই  মন্তব্য ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ প্ৰতি অশ্লীল আৰু মানহানিকাৰক বুলি দাবী কৰি মানহানিৰ গোচৰ ৰুজু কৰা হৈছে।

কংগ্ৰেছ নেতাগৰাকীয়ে দৃঢ়তাৰে কয় যে এনে বক্তব্যই ৰাজনৈতিক ব্যক্তিৰ ভাবমূৰ্তি কলংকিত কৰাই নহয়, জনসাধাৰণৰ ধাৰণাতো নেতিবাচক প্ৰভাৱ পেলায়।

আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ৩ জুনত নিৰ্ধাৰণ কৰিছে, য’ত দুয়োপক্ষই নিজৰ যুক্তি আৰু প্ৰমাণ দাখিল কৰিব পাৰিব।

লগতে পঢ়কঃ  কেন্দ্ৰীয় আইন মন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ’ল কিৰেণ ৰিজিজুক। কিন্তু কিয়?

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd