নিৰংকুশ বিজয়! কৰ্ণাটকত সম্পূৰ্ণ অক্সিজেন ল’লে কংগ্ৰেছে; উশাহ লোৱাত কষ্ট পাইছে বিজেপিয়ে

কৰ্ণাটকত কংগ্ৰেছে লাভ কৰিলে নিৰংকুশ জয়। ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত কংগ্ৰেছৰ ১৩৬খন আসন। মূল প্ৰতিদ্বন্দ্বী বিজেপিয়ে ৬৫খন আসনত জয়লাভ কৰে। তৃতীয় স্থানত আছে জনতা দল চেকুলাৰ। অৱশ্যে ১৯খন আসনত কুমাৰস্বামী দলৰ গতি বন্ধ হৈ পৰিছে। বাকীসকলে ৪ খন আসন পাইছে।

কৰ্ণাটকৰ জনমতৰ ৰায় সম্পূৰ্ণ বিজেপিৰ বিৰুদ্ধে গৈছে। কাৰণ দলৰ ১৪ জন মন্ত্ৰী পৰাজিত হৈছে। তাৰ তুলনাত কংগ্ৰেছে বৃহৎ জয়লাভ কৰে। কাৰণ ২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত কংগ্ৰেছ নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাজনৈতিক বিশেষজ্ঞসকলেও ভাবে যে কৰ্ণাটকত আৰু সন্মিলিত চৰকাৰ নাথাকিব।

কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে কয় যে ৩৫ বছৰৰ পাছতহে তেওঁলোকে কৰ্ণাটকত ইমান সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ল। তেওঁলোকৰ মূল উদ্দেশ্য হ’ব ৰাইজৰ প্ৰয়োজনীয়তা পূৰণ কৰা। ইতিমধ্যে কংগ্ৰেছে নৱনিৰ্বাচিত বিধায়কক বেংগালুৰুলৈ আহিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: Karnataka election results: বিজেপি মুক্ত দক্ষিণ ভাৰত; কংগ্ৰেছৰ কটাক্ষৰ সন্মুখীন বিজেপি

মুখ্যমন্ত্ৰী কোন হ’ব সেই সম্পৰ্কে কংগ্ৰেছৰ ভিতৰতে আৰম্ভ হৈছে জল্পনা-কল্পনা। কাৰণ কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাছিল। একাংশই দাবী জনাইছে যে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী দিব লাগে। আনটো গোটৰ দাবী যে সিদ্দাৰমাইয়াকে মুখ্যমন্ত্রী বনাব লাগে৷ তেওঁৰ পুত্ৰইও এই কথা দাবী কৰিছিল।

সিদ্দাৰমাইয়া এজন লিংগায়তৰ নেতা। সেয়ে হ’লে, কংগ্ৰেছে লিংগায়তক আকৰ্ষণ কৰাৰ সুযোগ পাব। অৱশ্যে খৰ্গে কয় যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

ইতিমধ্যে বিদায়ী মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে দলটোৰ দুৰ্যোগৰ দায়িত্ব গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিচাপে এই পৰাজয়ৰ বাবে তেওঁ নিজকে দায়ী বুলিও কয়। লগতে এই পৰাজয়ৰ কাৰণসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ’ব বুলিও তেওঁ জনায়। কংগ্ৰেছৰ প্ৰশংসাও কৰিছে বোম্মাইয়ে। তেওঁ কয় যে কংগ্ৰেছে বহু সংগঠিত দল হিচাপে নিৰ্বাচনত যুঁজিছিল। নিৰ্বাচনী কৌশল তেওঁলোকৰ জয়ৰ অন্যতম কাৰণ। লগতে ৰাইজৰ ৰায় তেওঁ মূৰ পাতি লৈছে বুলিও কয়।

কৰ্ণাটকত দলৰ পৰাজয়ত হতাশ হৈ পৰিছে জেডিএছ নেতা এইচডি কুমাৰস্বামী। তেওঁ কয় যে তেওঁৰ দলটো সৰু গতিকে কাৰো লগত নাযায়।

লগতে পঢ়ক: কৰ্ণাটকত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা; নিৰ্বাচনত কি ইছ্যু চলিল, কি নচলিল…

বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ ডেৰ-দুবছৰতকৈও অধিক সময়ৰ পাছতো ৰাজ্যিক বিধানসভা নিৰ্বাচনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ব্যৰ্থ হৈছে জগত প্ৰকাশ (জেপি) নড্ডা। আনহাতে, কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ মাত্ৰ ৭ মাহৰ ভিতৰতে নিজৰ গৃহ ৰাজ্যত বিজেপিৰ পৰা ক্ষমতা দখল কৰিবলৈ ওলাইছে কৰ্ণাটকৰ মল্লিকাৰ্জুন খৰ্গে।

২০২০ চনৰ জানুৱাৰী মাহত অমিত শ্বাহৰ ঠাইত হিমাচল প্ৰদেশৰ নেতা নড্ডাই বিজেপিৰ সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত বিজেপিয়ে পশ্চিম বংগ, দিল্লী, তামিলনাডু, কেৰালাৰ দৰে ৰাজ্যিক বিধানসভাত পৰাস্ত হয়। কিন্তু আটাইতকৈ ডাঙৰ আঘাত আহিছিল নড্ডাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশত। বিগত বৰ্ষৰ ১২ নৱেম্বৰত হিমালয়েৰে আগুৰি থকা পাহাৰীয়া ৰাজ্যখনৰ নিৰ্বাচনত শাসকীয় বিজেপি পৰাজিত হৈছিল। কংগ্ৰেছে প্ৰায় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে হিমাচলৰ ক্ষমতা দখল কৰে।

উল্লেখ্য যে, গুজৰাটৰ সৈতে হিমাচলত হোৱা সেই বিধানসভা নিৰ্বাচনটোৱেই আছিল খৰ্গেৰ প্ৰথম পৰীক্ষা। মোডীৰ ৰাজ্যত পৰাস্ত হ’লেও কংগ্ৰেছে হিমাচলত জয় লাভ কৰিছিল। প্ৰসংগক্ৰমে, যোৱা অক্টোবৰ মাহত কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনত শশী থাৰুৰক পৰাস্ত কৰি খৰ্গে ছোনিয়া গান্ধীৰ উত্তৰাধিকাৰী হিচাপে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক: Karnataka Election result 2023: কৰ্ণাটকত ‘মুমকিন’ নহ’ল মোডী তন্ত্ৰ! নতুন মন্ত্ৰেৰে বাজীমাৎ ৰাহুলৰ

পৰিসংখ্যা অনুসৰি তেওঁৰ সভাপতিত্বত এতিয়ালৈকে কংগ্ৰেছে তিনিটা বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গুজৰাটত পৰাজয়ৰ পিছত হিমাচল আৰু কৰ্ণাটকত জয়লাভ কৰিছে।

অৰ্থাৎ কানাড়া দলিত নেতাৰ সফলতাৰ হাৰ ৬৬.৬৬ শতাংশ! ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই অনুভৱ কৰে যে খৰ্গেৰ এই সফলতাই ইটোৰ পিছত সিটোকৈ নিৰ্বাচনত পৰাস্ত হৈ অহা শতিকা পুৰণি দলটোক নতুন ‘অক্সিজেন’ দিব পাৰে।