অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা অনুপ্ৰৱেশকাৰীক লৈ বিতৰ্ক অব্যাহত আছে। এই তালিকাত আছে আৰু ৭.২৫ লাখ ভাৰতীয়! এক্স হেণ্ডেলত তথ্য প্ৰকাশ কৰি বিস্ফোৰক কংগ্ৰেছ সাংসদ মনীষ তিৱাৰী। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক তেওঁৰ প্ৰশ্ন, “আৰু কিমান ভাৰতীয়ক শিকলি আৰু হেণ্ডকাফ লগাই ঘূৰাই পঠিওৱা হ’ব?”
কংগ্ৰেছ সাংসদগৰাকীয়ে এক্স হেণ্ডেলৰ কিছু তথ্য শ্বেয়াৰ কৰি প্ৰশ্ন কৰে যে বৰ্তমান আৰু কিমান ভাৰতীয়ৰ আমেৰিকাত থকাৰ আইনী অনুমতি নাই। তেওঁ লিখিছে, “আমেৰিকাত আইনী নথি-পত্ৰ নথকা আৰু ৭ লাখ ২৫ হাজাৰ ভাৰতীয় আছে। ইয়াৰে ২৪ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পত ৰখা হৈছে। ইতিমধ্যে ৪৮৭ জন লোকে ঘূৰি অহাৰ চূড়ান্ত নিৰ্দেশ লাভ কৰিছে। ইয়াৰে ২৯৮ জন ভাৰতীয় নাগৰিক বুলি চিনাক্ত কৰা হৈছে। তেনেহ’লে এই ৭.২৫ লাখ লোকক আমেৰিকাৰ সামৰিক বিমানত উঠাই হেণ্ডকাফ আৰু ভৰিত শিকলি লগাই পঠিওৱা হ’ব? মানৱ অধিকাৰ খৰ্ব কৰা এনে কাৰ্য কিমান দিনলৈ চলি থাকিব?”
কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে জয়শংকৰক কটাক্ষ কৰি প্ৰশ্ন কৰিলে, “এই সকলোবোৰ দেখিও নেদেখাৰ ভাও ধৰি আৰু কিমান দিনলৈ বিদেশ মন্ত্ৰীগৰাকীয়ে বিদেশ ভ্ৰমণ কৰি থাকিব?”
শুকুৰবাৰে অনুপ্ৰৱেশকাৰীক হেণ্ডকাফ আৰু ভৰিত শিকলি পিন্ধাই ভাৰতলৈ ঘূৰাই পঠিওৱাৰ ছবিক লৈ সংসদ উত্তাল হৈছিল। সেই সন্দৰ্ভত বৈদেশিক মন্ত্ৰী জয়শংকৰৰ উত্তৰত সন্তুষ্ট নহয় বিৰোধী দল। তেওঁলোকৰ মতে, ‘জয়শংকৰৰ উত্তৰ শুনিলে এনে লাগে যেন ভাৰতৰ বৈদেশিক মন্ত্ৰী নহয়, বৰঞ্চ আমেৰিকা প্ৰশাসনৰ এজন মধ্যম পৰ্যায়ৰ বিষয়াইহে উত্তৰ দিছে।’ যোৱা সপ্তাহত ভাৰতলৈ প্ৰেৰণ কৰা ১০৪গৰাকী অনুপ্ৰৱেশকাৰীৰ সৈতে অমানৱীয় আচৰণ কৰা হৈছে বুলি বিৰোধীয়ে অভিযোগ তোলে। এইবাৰ মনীষ তিৱাৰীকে ধৰি বিৰোধীয়ে মুঠ অনুপ্ৰৱেশকাৰীৰ সংখ্যা দাঙি ধৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছে।
উল্লেখ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰই ঘোষণা কৰিছিল যে আমেৰিকাই দ্বিতীয় ৰাউণ্ডত আৰু ৪৮৭ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ ঘূৰাই পঠিয়াবলৈ সাজু হৈছে।