‘বিজেপি দলটো থাইলেণ্ডৰ মাগুৰ মাছ’: মৰিগাঁৱৰ নিৰ্বাচনী সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈ

EpJAr2yVEAADKLR

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত সাংসদ প্ৰদ্যুৎ বৰদলৈ। ফটো সৌজন্য : টুইটাৰ।

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাঁথো এটা দিন বাকী । এনে অৱস্থাত মৰিগাঁও জিলাৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে শাসক-বিৰোধী দল সমূহে নিজা নিজা দলীয় সমৰ্থিত প্ৰাৰ্থী সকলৰ হৈ সাংসদ, মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মী সকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে।

সেই দৰে সোমবাৰে জিলাখনৰ ২ নং বৰঙণী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মালিৰাম পাতৰৰ হৈ সমষ্টিটোৰ অন্তৰ্গত কুশতলি আঞ্চলিক ৰাস মণ্ডপত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ১০ নংনগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ।

কংগ্ৰেছ নেতা বিদ্যা বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংসদ গৰাকীয়ে উপস্থিত হৈ সমষ্টিটোৰ দলীয় প্ৰাৰ্থী মালিৰাম পাতৰক এটুকুৰা জুইয়ে পোৰা সোণৰ লগত তুলনা কৰি ৰাইজক ভোট দিবলৈ কাতৰে আহ্বান জনায়।

এইবাৰ তেওঁলোকেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তিৱা স্বায়ত্ব পৰিষদ খন গঠন কৰিব বুলিও কয়।

ইফালে শাসকীয় বিজেপি দলটোক থাইলেণ্ডৰ মাগুৰ মাছৰ লগত তুলনা কৰি সাংসদ গৰাকীয়ে কয় যে থাইলেণ্ডৰ মাগুৰ মাছে যেনেদৰে পুখুৰীত থকা সৰু সৰু মাছবোৰ খাই নিঃশেষ কৰি পেলায়, সেই দৰেই বিজেপি দলটোৱেও ৰাজ্যখনৰ সৰু সৰু জাতি – জনগোষ্ঠী ,সংগঠন সমূহক এফালৰ পৰা গিলি পেলাইছে।

বিজেপি দলটো কেতিয়াও অসমীয়া তথা তিৱা, মিচিং, বড়ো, কাৰ্বি আদি জাতি জনগোষ্ঠী সমূহৰ বন্ধু নহয় বুলি সাংসদ গৰাকীয়ে গেৰুৱা দলটোক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে।

একেদৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা ,ৰমাকান্ত দেউৰীৰকো কঠোৰ ভাষাৰে  সমালোচনা কৰে সাংসদগৰাকীয়ে।

আনহাতে স্থানীয় বিধায়ক ডা: নজৰুল ইছলামেও বিজেপি দলটোক ক্ষুৰধাৰ সমালোচন কৰে। সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনৰ লগতে দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে।