Congress president election কংগ্ৰেছৰ সভাপতি পদৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী ৰাহুল গান্ধী! গান্ধী পৰিয়ালৰ উদ্ধাৰত ব্যস্ত বহু নেতা

বহু বছৰৰ পিছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হ’ব। খবৰটোৱে কংগ্ৰেছৰ তৃণমূলকৰ্মীসকলক উৎসাহিত কৰি তুলিছিল। গান্ধী পৰিয়ালৰ হাতোৰাৰ পৰা কংগ্ৰেছক মুক্ত কৰিব বিচৰাসকলো এই খবৰত সুখী হৈছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীকেই পুনৰ দলৰ সভাপতি পতাৰ বাবে উঠি-পৰি লাগিছে।

তেনে নেতাসকলৰ ভিতৰত মল্লিকাৰ্জুন খাৰ্গেকে ধৰি আন কেইবাজনো নেতা আছে। কংগ্ৰেছৰ সভাপতি পদৰ দাবীদাৰ অশোক গেহলটেও শেষ মুহূৰ্তলৈকে ৰাহুলকেই পভাপতি হ’বলৈ জোৰ দি যাব বুলি কৈছে। এই নেতাসকলে দাবী কৰিছে যে দেশৰ জনতাই যিহেতু ৰাহুল গান্ধীক ভালদৰে চিনি আৰু বুজি পায় সেয়ে কংগ্ৰেছৰ সভাপতি পদৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী ৰাহুল গান্ধীয়েই হ’ব লাগে। উল্লেখ্য কংগ্ৰেছে দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। ১৯ নৱেম্বৰত লভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা।

সেই দিনাই দেশৰ পুৰণি দলটোৱে নতুন সভাপতি বাছনি কৰিব।দেওবাৰে নতুন দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে নিৰ্বাচনৰ দিন থিৰাং কৰা হয়। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।উল্লেখ্য কংগ্ৰেছে পূৰ্বে কৈছিল যে কিছুদিন আগলৈকে সভাপতি নিৰ্বাচনৰ বাবে “অশুভ সময়” আছিল।

বহুতে ৰাহুল গান্ধীকেই পুনৰ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গেৰ দৰে দলৰ জ্যেষ্ঠ নেতা একাংশই ৰাহুল গান্ধীৰ হাততে কংগ্ৰেছৰ সভাপতিৰ পদ থকাটো বিচাৰি আহিছে। তেনে নেতাসকলৰ তৎপৰতাৰ বাবেই আন বহু নেতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।ইপিনে ৰাহুল গান্ধীয়ে কোনোপধ্যে দলৰ সভাপতি হ’বলৈ ইচ্ছা কৰা নাই।

তেওঁ আনকি ইয়াকো কৈছে যে তেওঁৱেই নহয়, গান্ধী পৰিয়ালৰ কোনো লোকেই কংগ্ৰেছৰ সভাপতিৰ পদত বহিব নালাগে। তুন সভাপতি নিৰ্বাচনৰ দাবীত কংগ্ৰেছৰ ২৩ গৰাকী শীৰ্ষ নেতাই আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিও বিমুখ হৈছিল। ফলত গুলাম নবী আজাদকে ধৰি বহু কেইগৰাকী নেতাই পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল। কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন কৰা হ’ব বুলি সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।। কিন্তু শেষত নানান অজুহাতত সেই সিদ্ধান্ত বাস্তৱায়িত নহ’ল। ফলত ক্ষোভ বৃদ্ধি পাইছিল।