NORTHEAST NOW (Assamese)

পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন

June 13, 2021 1:15 pm · ইয়াছিন আলী
ফটো: নর্থইষ্ট নাও।

দেশত মূল্যবৃদ্ধিয়ে আকাশলংঘী অৱস্থা পোৱাত জুৰুলা হৈ পৰিছে সাধাৰণ জনতা। সেয়ে সমগ্ৰ ৰাজ্যৰ লগতে মানিকপুৰতো পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ নেতা-কৰ্মী সকলে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে।

মানিকপুৰৰ ডাঙ্গাইগাও পেট্ৰ’ল পাম্পত কংগ্ৰেছৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বিগত বছৰত ৪৩ বাৰকৈ পেট্ৰ’লৰ মূল্যবৃদ্ধি কৰে বুলি কৈ বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক গৰাকীয়ে।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

ৰাজ্যৰ আন আন প্ৰান্ততো কংগ্ৰেছ কৰ্মীসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা গৈছে।

Related News