লালকিল্লাৰ সমীপত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ: আটক কেইবাগৰাকীও নেতা

Congress protests near Red Fort

ৰাহুল গান্ধীৰ সাংসদৰ পদ খাৰিজৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছে। গান্ধীক সংসদত অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে মঙলবাৰে হাতত জোঁৰ লৈ লালকিল্লাৰ সমীপত সমবেত হয় কংগ্ৰেছ নেতাসকল।

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে দিল্লী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দলৰ কেইবাগৰাকীও নেতাক আটক কৰি ৰাখে। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱণৰ দৰে হাইপ্ৰফাইল নেতাকো আটক কৰি ৰাখিছিল দিল্লী আৰক্ষীয়ে।

সন্ধিয়া ৭ বজাতে কংগ্ৰেছে লালকিল্লাৰ পৰা ‘লোকতন্ত্র বচাও’ প্ৰতিবাদী সমদল আৰম্ভ কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত বাধা দিয়াৰ বাবে লালকিল্লা অঞ্চলত বেৰিকেড স্থাপন কৰে।

কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাগৰাকীও জেষ্ঠ্য কংগ্ৰেছ নেতাৰ লগতে বি আৰ এছৰ সাংসদ কেশৱ ৰাওকো দেখিবলৈ পোৱা যায়। পদযাত্ৰাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলক হাতত জোঁৰ লৈ লালকিল্লাত সমবেত হ’বলৈ নিৰ্দেশনা দিয়াৰ হৈছিল।

কিন্তু দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীত উপস্থিত হোৱাত বাধা প্ৰদান কৰে কংগ্ৰেছ নেতাসকলক। দলৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমকো লালকিল্লাত উপস্থিত হোৱাত বাধা দিয়ে আৰক্ষীয়ে।

জানিব পৰা মতে, কংগ্ৰেছে এই প্ৰতিবাদী সমদল লালকিল্লাৰ পৰা পুৰণি দিল্লীৰ চান্দনী চ’কৰ টাউন হললৈ পৰিকল্পনা কৰিছিল।

মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰা ৰাহুল গান্ধীক অযোগ্য ঘোষণাক লৈ এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে এই পদযাত্ৰা আয়োজন কৰিছিল কংগ্ৰেছে।