NORTHEAST NOW (Assamese)

কেইখনমান জিলাত কিয় স্থাপন কৰা নহ’ল টেটৰ পৰীক্ষা কেন্দ্ৰ? চৰকাৰক উভতি ধৰিলে কংগ্ৰেছে

September 16, 2021 3:46 pm · মৃদুল প্ৰীতম ডেকা,হাজো

হাজোৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদ মেলখন সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰে ।

সংবাদ মেলখনত  চৰকাৰে অনুষ্ঠিত কৰিব ওলোৱা টেট্ পৰীক্ষাক লৈ ৰাজনীতিৰ কৰিছে বুলি চিকদাৰে   মন্তব্য কৰে ।

এই পৰীক্ষা অনুষ্ঠিত  কৰাৰ বাবে কেইখনমান  জিলাত কিয় কেন্দ্ৰ স্হাপন নকৰিলে তাক লৈও অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী গৰাকীক চিকদাৰে প্ৰশ্ন কৰে ।

ছাত্র-ছাত্ৰীক লৈ এইখন চৰকাৰে হেতালি খেলা বুলিও কয় ।

ইপিনে চৰকাৰে লোৱা এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিব লাগিব বুলিও হুংকাৰ দিয়ে কাৰ্যকৰী সভাপতি গৰাকীয়ে ।

এ আই ইউ ডি এফৰ বাহিৰে প্ৰতিটো মহাজোঁটত থকা  দলক লৈ  উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অৱতীৰ্ণ হব বুলি কয়।

ৰূপজ্যোতি কুৰ্মী অসমৰ  কলা-সংস্কৃতি নাজানে বুলিও তীৰ্যক মন্তব্য কৰে চিকদাৰে ।

ইফালে  কংগ্ৰেছৰ ডুবন্ত নাওঁত অখিল গগৈয়ে উঠিবলৈ চেষ্টা কৰি আছে বুলিও গগৈক তুলাধনা দিয়ে চিকদাৰে ।

Related News