NORTHEAST NOW (Assamese)

ৰাফেল কেলেংকাৰি : নগাঁৱত মোদী চৰকাৰৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ প্ৰতিবাদ

September 18, 2018 9:07 pm · মিণ্টু দাস

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাফেল যুদ্ধ বিমানৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি আজি নগাঁও জিলা কংগ্ৰেছে জিলা কংগ্ৰেছ ভৱনৰ পৰা এক প্ৰতিবাদি কাৰ্যসূচী ৰূপায়ণ কৰে।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ নেতৃত্বত চহৰৰ এ টি ৰোড হৈ উপায়ুক্ত কাৰ্যালয়লৈ জিলা কংগ্ৰছৰ বিষয়ববীয়া তথা কৰ্মীসকলে এক প্ৰতিবাদী সমদল উলিয়াই আৰু নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে নানাধৰণৰ শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে।

প্ৰতিবাদকাৰীসকলৰ লগত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দূৰ্ল্লভ চমুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ মুখপাত্র কিশোৰ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ বিষ্ণুপ্ৰসাদ, জিলা কংগ্ৰেছৰ শান্তনু শৰ্মা, শিৱামনি বৰাকে ধৰি ভালে সংখ্যক জিলা কংগ্ৰেছৰ বিষয়ববীয়া, যুৱ কংগ্ৰেছৰ বিষয়ববীয়া আৰু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।

প্ৰতিবাদৰ শেষত প্ৰতিবাদকাৰীসকলে নগাঁৱৰ উপায়ুক্তক এখন ‘স্মাৰক-পত্ৰ’ প্ৰদান কৰে।

Related News