স্কুটীত উঠি নিৰ্দলীয় বিধায়কৰ সন্ধানত ওলাল শ্বাহ! বিজেপিলৈ ‘ব্যঙ্গশেল’ নেটিজেনৰ

Meme on Amit Shah

হিমাচল প্ৰদেশত কেৱল ভোটাৰৰ বিজেপি বিৰোধী ভোটতে নহয়, নেটিজেনৰ ৰগৰৰ বানতো ভাঁহি গৈছে বিজেপি। গুজৰাটত বৃহৎ জয়ৰ বিপৰীতে হিমাচলত মাত্ৰ ২৫ খন আসনেৰে ক্ষমতাচ্যুত হয় বিজেপি। দলটোৰ আগ্ৰাসী ‘অপাৰেচন লটাছ’ সৰ্বজনবিদিত। দেশৰ ৰাজনীতিত ধনবলৰ এই আগ্ৰাসী ৰাজনৈতিক প্ৰথাৰে বিজেপিয়ে ইতিমধ্যে বাগৰাইছে কেইবাখনো প্ৰদেশ চৰকাৰ।

হিন্দুত্ববাদ, দেশপ্ৰেমৰ ঢৌ, আনকি মোডী যাদুৰ পিছতো হিমাচলত ক্ষমতা হেৰুওৱা বিজেপিয়ে এইবাৰ ৰাজ্যখনত ‘অপাৰেচন লটাছ’ৰ আশ্ৰয় লোৱাৰ আশংকা কৰা হৈছিল। এই আশংকাত ভীতিগ্ৰস্ত হৈ আনকি কংগ্ৰেছে নৱনিৰ্বাচিত বিধায়কসকলক বহি:ৰাজ্যলৈ পলুৱাই পঠোৱাৰো পৰিকল্পনা কৰা বুলি খবৰ ওলাইছিল।

অপাৰেচন লটাছৰ আশংকাৰ মাজতে সামাজিক মাধ্যমত এই আগ্ৰাসী নীতিৰ মূল কাণ্ডাৰী হিচাপে পৰিগণিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ব্যঙ্গ কৰাত নামি পৰিছে নেটিজেন।

সামাজিক মাধ্যমত মিমাৰৰ কল্পনাপ্ৰসূত সৃষ্টিত ভাইৰেল মিমত স্কুটীত উঠি অপাৰেচন লটাছ’ৰ কাৰ্যকৰীকৰণৰ বাবে অমিত শ্বাহ ওলাইছে হিমাচলৰ নিৰ্দলীয় প্ৰাৰ্থীৰ সন্ধানত। প্ৰকাশিত টুইটটোত লিখা হৈছে, ” নিৰ্দলীয় বিধায়কৰ হৃদয় বিচাৰি অমিত শ্বাহে হিমাচল ভ্ৰমণ কৰিছে।”

অৰ্থাৎ শ্বাহে নিজা দল বিজেপিলৈ নিৰ্দলীয় বিধায়কক আকৰ্ষণ কৰাৰ কাম আৰম্ভ কৰিছে। আন এটা মিমত আকৌ গৃহমন্ত্ৰী শ্বাহে কম্পিউটাৰ বিশেষজ্ঞৰ সহায় বিচাৰি পৰাজয়ৰ কাৰণৰ অনুসন্ধান চলোৱা দেখিবলৈ পোৱা গৈছে।

অক্ষয় কুমাৰ অভিনীত এখন চিনেমাৰ এক বিশেষ দৃশ্যৰ ছবিৰে আকৌ আন এক মিমো সৃষ্টি কৰিছে নেটিজেনে। ছবিখনৰ লগতে লিখা আছে, ‘মোৰ ওচৰত এখনি আঁচনি আছে’।


মুঠৰ ওপৰত হিমাচলত কংগ্ৰেছৰ বিজয়ৰ পিছত নেটিজেনৰ মিমাৰৰ এক গুৰুত্বপূৰ্ণ আধাৰ হৈ পৰিছে অমিত শ্বাহ।