NORTHEAST NOW (Assamese)

সাধাৰণ জনতা সংকটত! দেশবাসীক লুটিছে বিজেপিয়ে, সৰৱ কংগ্ৰেছ

May 24, 2026 9:19 am · এন ই নাও নিউজ, গুৱাহাটী

দেশত ৩ শতাংশ বৃদ্ধি পাইছে গাখীৰৰ মূল্য। আটাৰ মূল্য ১২.৫ শতাংশ বৃদ্ধি পাইছে। ১২.৫ শতাংশ বৃদ্ধি পাইছে চাউলৰ মূল্য। শাক-পাচলিৰ মূল্যও ২৫ শতাংশ পৰ্যন্ত আকাশলংঘী হৈছে। ১২ শতাংশ বৃদ্ধি পাইছে খোৱা তেলৰ মূল্য।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে যোৱা ১০ দিনত সকলো সামগ্ৰীৰ নিৰ্মাতাই নিশাটোৰ ভিতৰতে প্ৰাইচ টেগ সলনি কৰি অতিৰিক্ত মূল্য লোৱা আৰম্ভ কৰিছে। বজাৰত জুই জ্বলিছে। এনে পৰিস্থিতিত কংগ্ৰেছে মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

তেওঁলোকৰ দাবী, বছৰ বছৰ ধৰি পেট্ৰ’ল-ডিজেলৰ পৰা বিপুল মুনাফা অৰ্জন কৰি মোডী চৰকাৰে সাধাৰণ জনতাক লুটি আহিছে। সেই লুন্ঠন এতিয়াও চলি আছে। কাৰণ পৰ্যায়ক্ৰমে দাম বৃদ্ধি কৰা হৈছে। আজিলৈকে মোডী চৰকাৰে সাধাৰণ জনতাৰ ওপৰত কোনো ধৰণৰ বোজা কমাব পৰা নাই। কেৱল জাপিহে দিছে।

কি ভিত্তিত কংগ্ৰেছে এই অভিযোগ উত্থাপন কৰিছে? তেওঁলোকে দাবী কৰে যে ২০২২ চনত ইউক্ৰেইন যুদ্ধৰ পিছত পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হৈছে।কিন্তু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে, তেতিয়া সাধাৰণ জনতাক সকাহ দিবলৈ পেট্ৰল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰা হোৱা নাই। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবে খাৰুৱা তেলৰ বৰ্তমানৰ মূল্য বৃদ্ধি পাইছে, আৰু দেশত পুনৰ দাম বৃদ্ধি পাইছে!

মন কৰিবলগীয়া যে বিগত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় তিনিটা প্ৰধান তেল কোম্পানীয়ে ৭৮ হাজাৰ কোটি টকা লাভ কৰিছে। মাত্ৰ বিত্তীয় বৰ্ষৰ শেষৰ ত্ৰৈমাসিকতে ২০ হাজাৰ কোটি টকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া তেল সস্তীয়া আছিল, তেতিয়া দেশত মূল্য হ্ৰাস নকৰাকৈয়ে এই বৃহৎ লাভ তেওঁলোকৰ পকেটত সোমাইছিল।

সেইদৰে, কেন্দ্ৰীয় তেল কোম্পানীবোৰে যিমানেই লাভ কৰিব সিমানেই কেন্দ্ৰীয় চৰকাৰৰ কোষাগাৰ পূৰণ হ’ব। কাৰণ, এই কোম্পানীবোৰে কেন্দ্ৰক লভ্যাংশ দিয়ে। গতিকে বিদেশৰ পৰা সস্তাতে তেল কিনি অধিক মূল্যত বিক্ৰী কৰিলে চৰকাৰে সৰ্বাধিক লাভৱান হয়।

উদাহৰণস্বৰূপে, যুদ্ধৰ পূৰ্বে ভাৰতীয় তেল কোম্পানীসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ৬৫ ডলাৰত এক বেৰেল ক্ৰয় কৰিছিল। সেই অনুসৰি দেশত তেলৰ দাম প্ৰায় ৭০ টকা হ’ব লাগিছিল। কিন্তু তেলৰ দাম ১০৫ টকাৰ তললৈ নামি নাহিল।

এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিস্ফোৰক মন্তব্য কৰে, ‘এই চৰকাৰৰ কোনো নেতা নাই। চুবুৰীয়া দেশকে ধৰি বহু দেশে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য হ্ৰাস কৰি জনসাধাৰণৰ সমস্যা সমাধান কৰিছে। আৰু ইয়াত সিদ্ধান্ত লোৱা কোনো নাই। নেতৃত্বৰ সংকট চলি আছে।’

ৰাহুল গান্ধীয়েও আক্ৰমণ চলাইছে। তেওঁৰ কটাক্ষ, ‘সাধাৰণ জনতা সংকটত পৰিছে। আৰু মোডীজীয়ে কৈছে, মেলডি খাওক, ইন্ধনৰ সংকট পাহৰি যাওক!’

Related News