মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এমহীয়া কাৰ্যকালৰ বিফলতা উদঙালে প্ৰদেশ কংগ্ৰেছে

বিগত ৫ বছৰে অনৈতিক কাৰ্যকলাপ কৰিবলৈ বিজেপি চৰকাৰক কোনে অনুমতি দিছিল?প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ

him

বিজেপি চৰকাৰে ৫ বছৰ আৰু ১ মাহ অতিক্ৰম কৰিলে।এই সময়চোৱাত তেওঁলোকৰ কেৱল নেতা গৰাকী সলনি হ’ল।নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু গৰুৰ অবৈধ চক্ৰৰ বিৰুদ্ধে কঠোৰ ৰূপত তেখেতৰ নিজৰ ভাৱমূৰ্তি তৈয়াৰ কৰাত বহু কষ্ট কৰা পৰিলক্ষিত হৈছে।

কিন্তু প্ৰশ্ন উঠিছে, বিগত পাঁচ বছৰত বিজেপি চৰকাৰখনে ড্ৰাগছ সৰবৰাহী ব্যক্তি আৰু গৰুৰ অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কিয় একো পদক্ষেপ গ্ৰহণ কৰা নাছিল, যিটো আজি তেওঁলোকে তৎপৰতা দেখুৱাইছে? বিগত পাঁচ বছৰত এই অনৈতিক কাৰ্যকলাপ কৰিবলৈ তেওঁলোকক কোনে অনুমতি দিছিল? যোৱা পাঁচ বছৰত এনে কাৰ্যকলাপ সংঘটিত হোৱাৰ সময়ছোৱাত অসম চৰকাৰ আৰু অসম পুলিচৰ চকু বন্ধৰ সুযোগতে কোন বেছি লাভান্বিত হৈছিল? বুলি প্ৰশ্ন উত্থাপিত কৰে প্ৰদেশ কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই।

আনহাতে পুনৰ তেওঁ কয়”নীতি আয়োগৰ তথ্য অনুসৰি উন্নয়নশীল ৰাজ্যৰ তালিকাত অসম অতি নিম্নস্থানত থাকিবলগীয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ তথ্যই প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰৰ অসমত কাৰ্যক্ষমতা অতি নিম্ন মানৰ। ভাল স্বাস্থ্য আৰু লিংগ সমতাৰ ক্ষেত্ৰত অসম ২৮ নম্বৰত আছে, আৰু আমি আটায়েই জানো যে বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত সময়ছোৱাত অসমৰ স্বাস্থ্য মন্ত্ৰী আছিল।

তেখেত দীৰ্ঘদিন ধৰি অসমৰ শিক্ষা মন্ত্ৰীও আছিল আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ প্রতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি আজি শিক্ষাৰ ক্ষেত্ৰত অসম একেবাৰে তলত আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে নীতি আয়োগ আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ প্ৰতিবেদনৰ ওপৰত এটা শব্দও উচ্চাৰণ কৰা নাই।”

তদুপৰি NRC বিষয় কেন্দ্ৰ কৰি তেখেতে উল্লেখ কৰে যে”বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নাগৰিকক সংস্থাপন দিযাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ অসম চৰকাৰলৈ নিৰ্দেশ অনুসৰি পিছদুৱাৰেদি CAA বলবৎ কৰাৰ প্ৰায়স NRC নস্যাৎ কৰাৰ এক ষড়যন্ত্ৰ। শুদ্ধ NRC অবিহনে যিকোনো প্ৰব্ৰজনকাৰীক অসমে কেনেকৈ নাগৰিকত্ব প্ৰদান কৰিব পাৰিব? এই প্ৰশ্ন ববিতা শৰ্মাৰ। ইয়ে অসমৰ জনসাধাৰণক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিব আৰু অসম চুক্তিক অপমান কৰিব।এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়াও নিমাত।”

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ নিম্ন মানৰ কোভিড প্ৰতিষেধক ছিটাৰ নীতিয়ে সৰ্বসাধাৰণক বাবু সমস্যাৰ সন্মুখীন কৰাইছে। মোবাইলেৰ সহায়ত ভেকচিন ৰেজিষ্ট্ৰেচন, বুকিং কৰাৰ ক্ষেত্ৰত আৰু ভেকচিন নাটনিৰ বাবে মানুহে বহু কষ্ট ভোগ কৰিবলগীয়া হৈছে। কোভিডৰ দ্বিতীয় লহৰত অসমত মৃত্যুৰ সংখ্যা যথেষ্ট বাঢ়িছে। অসমে কিয় ইমান জীৱন হেৰুৱাব লগীয়া হৈছে।

অসমৰ জনসাধাৰণৰ জীৱনৰ ক্ষতিসাধন আৰু তেওঁলোকৰ কল্যাণৰ এই ওপৰোক্ত বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে স্থিতি স্পষ্ট কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে দাবী জনাইছে।

আনহাতে কাৰ্যালয়ৰ নথিত আবেদনৰ তথ্য নথকাৰ পিছতো মহানগৰীৰ গেম ভিলেজৰ বহু সংখ্যক ফ্লেট অবৈধভাৱে NGO ৰ নামত বুকিং কৰাৰ যি দুৰ্নীতি সংঘটিত হৈছে, সেই সম্পৰ্কতো মুখ্যমন্ত্ৰী শৰ্মাই মুখ বন্ধ ৰাখিছে।

চাহ জনগোষ্ঠী আৰু শ্ৰমিক কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানে নিজৰ অঙহী-বঙহীক অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৌনতা অৱলম্বন কৰিছে।

বিগত বিজেপি চৰকাৰৰ খনৰ সময়তো P&RD ত নিজৰ অঙহী-বঙহীক নিযুক্তি দিয়া হৈছিল আৰু এই ধাৰা এই চৰকাৰখনেও অব্যাহত ৰাখিছে।

গতিকে চৰকাৰ এখনৰ কাৰ্যকাল পাঁচ বছৰ, যিটো দিন হিচাপে ১৮২৫ দিন। গতিকে ৩০ দিন বহু কম সময় নহয়। চৰকাৰ এখনৰ কাৰ্যকালৰ পৰা ৩০ দিন বাদ দিব নোৱাৰি। চৰকাৰখনে বাকী থকা সময়খিনিৰ উচিত ব্যৱহাৰ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আশাবাদী।