কোকৰাঝাৰ সদৰ থানাত জিগনেছ মেৱানী; থানাৰ সন্মুখত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ সদৰ থানালৈ অনাৰ সময়ত বিধায়ক জিগনেছ মেৱানী। ফটো: নৰ্থইষ্ট নাও।

কোকৰাঝাৰ আৰক্ষীয়ে সুদূৰ গুজৰাটৰ বডগাম বিধানসভা সমষ্টিৰ বিধায়ক  জিগনেছ মেৱানীক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে টুইটাৰযোগে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি আজি কোকৰাঝাৰ সদৰ থানালৈ আনে৷

দেশৰ প্ৰধানমন্ত্ৰী মোডীক বিধায়কগৰাকীয়ে গডছেৰ ভক্ত বুলি ইতিকিংসূচক মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

লগতে পঢ়ক: অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে: ভূপেন বৰা

ইপিনে, বিধায়ক মেৱানীৰ গ্ৰেপ্তাৰক বেআইনী বুলি দাবী কৰি অতি শীঘ্ৰে বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত কোকৰাঝাৰ জিলা কংগ্ৰেছে থানা চৌহদৰ লগতে থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে৷

আনহাতে, সংবাদ মাধ্যমৰ আগত মেৱানীৰ অধিবক্তাই মেৱানীৰ সপক্ষে অতি শীঘ্ৰে জামিন মঞ্জুৰ কৰিবৰ বাবে সকলো ধৰণৰ আইনী সাহায্য আগবঢ়াব বুলি সদৰী কৰাৰ লগতে শীঘ্ৰেই জামিন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে৷

ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে কোকৰাঝাৰ সদৰ থানাত পঞ্জীয়ন হোৱা গোচৰ নং 183/2022 মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিধায়ক মেৱানীৰ বিৰুদ্ধে U/S-120(B)/153(A)/295(A)/504/505(a) (b)(c) (2) ipc R/W Sec-66 IT Act ৰ ধাৰাসমূহ আৰোপ কৰা হৈছে৷