কৃষি আইনৰ বিৰুদ্ধে বিশেষ অধিৱেশন অনুষ্ঠিত কৰি প্রস্তাৱ গ্ৰহণ কৰিব কংগ্ৰেছ শাসিত ৰাজ্য সমূহে

a krishi

কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ হোৱাৰ সময়তে কংগ্ৰেছ শাসিত ৰাজ্য সমূহৰ বিধান সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সেই মৰ্মে  কংগ্ৰেছ শাসিত ৰাজ্য সমূহৰ বিধান সভাই কৃষক আইন বিৰোধী বিধেয়ক গ্ৰহণ কৰিব আৰু সেয়া ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰিব।

কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্য যেনে মহাৰাষ্ট্ৰ,ঝাৰখণ্ড আদি ৰাজ্য সমূহেও বিধেয়ক খনৰ প্ৰতি সমৰ্থন জনাব।আনকি অনা-কংগ্ৰেছী ৰাজ্য পশ্চিম বংগয়ো বিধেয়ক খনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য কৃষকক শ্ৰম উৎপাদিত ফচলৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা তিনিখনকৈ কৃষক আইনৰ  কংগ্ৰেছে শাসনলৈ আহিলেই বাতিল কৰাৰ প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে।

পঞ্জাৱৰ মোগাত ট্ৰেক্টৰ ৰেলীত ভাগলৈ ৰাহুল গান্ধীয়ে কয় যে তিনি খনকৈ কৃষি আইনৰ জৰিয়তে চৰকাৰে দেশৰ কৃষকৰ সকলো অধিকাৰ কাঢ়ি নিব বিচাৰিছে।

এই আইনে কৃষকক তেওঁলোকৰ উৎপাদিত ফচলৰ ওপৰত থকা অধিকাৰ কাঢ়ি নিব বুলি উল্লেখ কৰি ৰাহুলে কয় যে কংগ্ৰেছ শাসনলৈ আহিলেই কৃষকক ভাতে মাৰিবলৈ ওলোৱা তিনিও খন কৃষি আইন বাতিল কৰা হ’ব।