কৰ্ণাটকৰ নগৰ লোকেল বোর্ডৰ নিৰ্বাচনত বিধ্বস্ত বিজেপি, অকল্পনীয় কংগ্ৰেছৰ উত্থান

index.jpg

বিজেপি শাসিত ৰাজ্য কৰ্ণাটকৰ নগৰ লোকেল বোৰ্ডৰ নিৰ্বাচনত বিধ্বস্ত হৈছে শাসকীয় দল বিজেপি।

আনহাতে অকল্পনীয় উত্থান ঘটিছে কংগ্ৰেছৰ। ৰাজ্যখনৰ নগৰ লোকেল বোৰ্ডৰ নিৰ্বাচনত কংগ্ৰেছে ১১৯ খন আসন লাভ কৰি শীৰ্ষ স্থানত থকাৰ বিপৰীতে মাত্ৰ ৫৬ আসন লাভেৰে তৃতীয় স্থানতে স্তব্ধ হৈছে শাসকীয় বিজেপি দল।

৬৭ খন আসনত জয়ী হৈ দ্বিতীয় স্থানত আছে জনতা দল(এ)এ।

ইফালে ১০ খন নগৰ লোকেল বোৰ্ডৰ ৭ খন কংগ্ৰেছে লাভ কৰাৰা বিপৰীতে শাসকীয় দল বিজেপি দলে মাত্ৰ ১ এখন নগৰ লোকেল বোৰ্ডহে লাভ কৰিবলৈ সক্ষম হৈছে।

কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডিকে শিৱকুমাৰে নগৰ লোকেল বোৰ্ডৰ নিৰ্বাচনত কংগ্ৰেছ জয়ী হোৱাৰ পিছতে নিজৰ টুইটাৰ একাউণ্টত টুইট কৰি জনাইছে যে তেওঁৰ দলে ১০ খন নগৰ লোকেল বোৰ্ডৰ ৭ খনেই লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে কৰ্ণাটকত যোৱা মংগলবাৰে নগৰ লোকেল বোৰ্ডৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু শনিবাৰে নিৰ্বাচনৰ ভোট গণনা কৰা হয়।