• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্য্যসূচী কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 20, 2019 11:09 pm
Congress-1assam

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী আছে, কিন্তু তেনে সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয় লৈ শাসনাধিষ্ঠ বিজেপি সমগ্ৰ উত্তৰ-পূবতে ৰাইজৰ ৰোষত পৰা পৰিলক্ষিত হৈছে। বিজেপিয়ে ৰাইজৰ আন্দোলনক নস্যাৎ কৰাৰ সময়তে বিৰোধী কংগ্ৰেছে ৰাইজৰ পক্ষত থাকি বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে।

২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰণ কৌশল প্ৰস্তুতৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ বিষয়টোৱে বিশেষ স্থান লাভ কৰে।

এই সভাতেই বিধেয়কখন বাতিলৰ দাবীত প্ৰদেশ কংগ্ৰেছে সোমবাৰৰ পৰা ৩১ জানুৱাৰিলৈ এলানি কাৰ্যসূচীও গ্ৰহণ কৰিছে। সভাৰ শেষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমক এই বিষয়ে জানিবলৈ দিয়ে।

বৰাই প্ৰকাশ কৰা মতে বিধেয়কখনৰ বিৰোধিতাৰে ২১ জানুৱাৰিত কংগ্ৰেছৰ সকলো কাৰ্যালয়তে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি বিজেপি চৰকাৰৰ সুমতি কামনাৰে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হ’ব।

২৩ জানুৱাৰিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ দিনা নেতাজীৰ আদৰ্শেৰে বিভাজনৰ ৰাজনীতিৰ বিপৰীতে সকলোৰে মাজত ঐক্য-সংহতি অক্ষুন্ন ৰখাৰ উদ্দেশ্য আগত ৰাখি ‘সংকল্প দিৱস’ কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে।

লতাশিল খেলপথাৰত ‘প্ৰতীকী অনশন’ কাৰ্যসূচীৰে ২৪ জানুৱাৰিত বিধেয়কখনৰ বাতিলৰ দাবী উত্থাপন কৰিব প্ৰদেশ কংগ্ৰেছে। একেদিনাই প্ৰতিখন জিলা আৰু মহকুমাটো কংগ্ৰেছ কৰ্মী সকলে ‘প্ৰতীকী অনশন কাৰ্যসূচী’ পালন কৰিব। অনশনৰ শেষত দেশৰ ৰাষ্ট্ৰপতিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত হস্তক্ষেপ কৰি বিধায়কখন বাতিল কৰাবলৈ কংগ্ৰেছে স্মাৰক পত্ৰও প্ৰেৰণ কৰিব।

৩০ জানুৱাৰিত মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনা এঘন্টাজোৰা ‘মানৱ শৃংখল’ কৰি বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰিব। শেষত ৩১ জানুৱাৰিত গাওঁ পঞ্চায়ত আৰু মণ্ডল কংগ্ৰেছ পৰ্যায়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ৰাইজক জাগ্ৰত কৰিবলৈ জোঁৰ সমদল।

একেদৰে এই সভাত বিধেয়কখনৰ বিৰুদ্ধে দলৰ স্থিতি অটল ৰখাৰ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে অৱস্থান কৰা মতেই বাঙালী হিন্দু বিৰোধিতা কৰা নহয়।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা মানেই হিন্দু বাঙালীৰ বিৰোধিতা কৰা বুলি বিজেপিয়ে অপপ্ৰচাৰ চলাইছে। এই কথা শুদ্ধ নহয়। কংগ্ৰেছে এই বিধেয়কৰ এই কাৰণেই বিৰোধিতা কৰিছো কাৰণ ই ভাৰতৰ সংবিধানৰ বিৰোধী, অসম চু্ক্তিক নস্যাৎ কৰিছে আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ পৰিপন্থী,’ ৰিপুন বৰাই কয়।

আনহাতে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ বিজেপি চৰকাৰে মন্ত্ৰী গোটৰ বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া বিষয়টোক সমালোচনা কৰি ইয়াক বিজেপিৰ ‘নিৰ্বাচনী ললিপপ’ আখ্যা দিয়ে। এতিয়া বিশেষজ্ঞ সমিতি গঠন কৰি প্ৰক্ৰিয়াটো দীঘলীয়া কৰাৰ চেষ্টা চলোৱা বুলিও তেওঁ মন্তব্য কৰে।

লগতে পূৰ্বতে কংগ্ৰেছ চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰিছিল যদিও বিজেপি চৰকাৰে সেই সমিতিক নামানি নতুনকৈ সমিতি গঠন কৰিছে বুলি তেওঁ কয়। লগতে কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ১০৬টা গোটক জনজাতিৰ মৰ্যদা দিয়াৰ পোষকতা কৰাৰ বিপৰীতে বিজপিয়ে মাত্ৰ ৩৬টা গোটকহে জনজাতিকৰণ কৰাব বিচাৰিছে বুলি কৈ ইয়াৰ জৰিয়তে এক বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে বুলিও তেওঁ মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd