NORTHEAST NOW (Assamese)

এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰিব কংগ্ৰেছে : ৰিপুণ বৰা

August 20, 2019 5:05 pm · কল্পজ্যোতি শইকীয়া
সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ২০ আগষ্ট, ২০১৯।

“বিজেপি দলৰ শেহতীয়া কাৰ্য্যকলাপ দেখি এনেকুৱা লাগিছে যে তেওঁলোকে লোকৰ মঙহেৰে শকত হ’ব বিচাৰিছে।” –আজি প্ৰয়াত প্রধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫সংখ্যক জন্মজয়ন্তী উপলক্ষে শিল্পগ্ৰামত আয়োজিত এটা অনুষ্ঠানৰ অন্তত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিজেপিলৈ আৰু হাই প্ৰফাইল নেতা আহিব বুলি কৰা মন্তব্য সম্পৰ্কত বৰাই এইদৰে প্ৰতিক্ৰিয়া কৰিছে।

বৰাই আৰু কয়, “বিজেপি দলৰ কেন্দ্ৰত চৰকাৰ, অসমত চৰকাৰ, পূৰ্ণ জনমত আছে, ইয়াৰ পাছতো তেওঁলোকক কিহৰ কাৰণে লাগে ইমান কংগ্ৰেছৰ মানুহ?”

তাৎপৰ্যপূৰ্ণ ভাৱে তেওঁ “বিজেপিয়ে বিৰোধী দল নিঃশেষ কৰাৰ ষড়যন্ত্ৰত উঠি পৰি লাগিছে” বুলি মন্তব্য কৰি কয়, “ছলে-বলে-কৌশলে বিজেপিয়ে দললৈ মানুহবোৰ নি আছে। কাৰোবাক ভাবুকি দি, কাৰোবাক চি বি আই তদন্তৰ ভয় দেখুৱাই, মিছা গোচৰ জাপি দিয়াৰ ভয় দেখুৱাই, ব্লেক মেইলিং কৰি বহু নেতাক নিছে যদিও এইবোৰ অস্থায়ী।”

বিজেপিত আজিলৈকে দেশৰ বাবে আত্মবলিদান দিয়া মানুহ কোনো নাই বুলি মন্তব্য কৰি লগতে কয়, “আমাৰ কংগ্ৰেছত দেশৰ বাবে আত্মবলিদান দিয়া মানুহ বহুত আছে। মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে বলিদান দিছে। বিজেপিত তেনেকুৱা নেতা নাই।”

বিজেপিৰ সৈতে থকা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাক আদৰ্শগত যুদ্ধ আখ্যা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।

“এইখন আদৰ্শগত যুদ্ধ। গতিকে বিজেপিয়ে যিমান কংগ্ৰেছী নেতা, পালিনেতা আৰু তৃণমুল কৰ্মীক তেওঁলোকৰ দললৈ নিনিয়ক কিয়, কংগ্ৰেছে সদায় আদৰ্শগতভাৱে বিজেপিৰ সৈতে যুজঁ কৰি যাব”, বিজেপিক প্ৰত্যাহ্বান জনাই বৰাই কয়।

আনহাতে, অহা ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা ভাৰতীয়ক আইনী সহায় কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

“সকলো ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছো। নাম বাদ পৰা ভাৰতীয়সকল ভীতিগ্ৰস্ত হ’ব নালাগে। প্ৰকৃত ভাৰতীয়ক এন আৰ চিত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত সকলো আইনী সহায় প্ৰদেশ কংগ্ৰেছৰ পৰা আগবঢ়োৱা হ’ব”, বৰাই কয়।

Related News