ৰাজ্যসভাত বিধেয়ক গৃহীত হ’বলৈ নিদিয়ে কংগ্ৰেছে : গৌৰৱ গগৈ

hqdefault

সাংসদ গৌৰৱ গগৈ। ফাইল ফটো: য়ু টিউব

‘’নাগৰিকত্ব সংশোধনী বিধেয়কখন কংগ্ৰেছে কোনোপধ্যেই গৃহীত হ’বলৈ নিদিয়ে। ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন প্ৰতিহত কৰিবলৈ কংগ্ৰেছে ৰণনীতি প্ৰস্তুত কৰি আছে।‘’ শুকুৰবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে অসমৰ কংগ্ৰেছ সাংসদ তথা দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ গগৈয়ে।

শুকুৰবাৰে পুৱাৰ ভাগত গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে দলৰ কৰ্মনিৰ্ধাৰণ সমিতিৰ বৈঠকত গৃহীত সিদ্ধান্তৰ বিষয়ে সদৰী কৰে।

তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে নিশ্চিতভাৱে ভোটদান কৰিব। বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত দলৰ কৰ্মনিৰ্ধাৰণ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে, বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰিবলৈ তিনি তৰপীয়া হুইপ জাৰি কৰাৰ বৈঠকত লোৱা সিদ্ধান্তৰ কথা আন এক সংবাদমেলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সংসদৰ বাজেট অধিৱেশনৰ কালছোৱাত দলৰ প্ৰতিজন সাংসদক দিল্লীত থকাৰ বাবে ইতিমধ্যে হুইপ জাৰি কৰা হৈছে। সংসদীয় ৰীতি অনুসৰি সংশ্লিষ্ট বিধেয়ক সদনৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত নোহোৱালৈকে বিধেয়কখনৰ বিৰুদ্ধে বা সপক্ষে ভোটদান কৰাৰ হুইপ জাৰি কৰিব পৰা নাযাব।

সংবাদমেলত বৰাই লগতে জানিবলৈ দিয়ে যে আন বিৰোধী দলসমূহেও যাতে ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে তাৰ বাবে কংগ্ৰেছে যোগাযোগ  কৰি আছে। বিধেয়কক সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি দলীয় স্থিতি স্পষ্ট কৰাৰ বাবেও বৰাই দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে, কৰ্মনিৰ্ধাৰণ সমিতিৰ বৈঠকত প্ৰথমবাৰৰ বাবে উপস্থিত থাকে নতুনকৈ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰা প্ৰিয়ংকা গান্ধীয়ে।প্ৰিয়ংকা গান্ধীয়ে শীঘ্ৰেই অসম ভ্ৰমণ কৰিব বুলিও সাংসদ গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে।