ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক গৃহীত হ’বলৈ নিদিয়ে কংগ্ৰেছে, জনালে ভুৱনেশ্বৰ কলিতাই

ৰাজ্যসভাত নাই শাসকীয় পক্ষৰ সংখ্যাগৰিষ্ঠতা; তাৰ বাবে কমেও লাগে আন ৩৪ জন সাংসদ

Bhubaneswar-Kalita

ৰাজ্যসভাত থকা বিৰোধীৰ সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত হোৱাত বাধা দিবলৈ চেষ্টা কৰিব কংগ্ৰেছে। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে দলটোৰ অসমৰ সাংসদ ভুৱনেশ্বৰ কলিতাই। কেৱল সেয়ে নহয়, ৰাজ্য সভাৰ বাজেট অধিৱেশনৰ পূৰ্বে অহা ৩০ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ‘বিজনেছ এডভাইজৰী কমিটীৰ বৈঠকতো কংগ্ৰেছে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিব।

“যদিহে বিজনেছ এডভাইজৰী কমিটীৰ বৈঠকত বিৰোধিতা কৰাৰ পিছতো চৰকাৰ বিধেয়কখন গৃহীত কৰিবলৈ আঁকোৰগোজ হৈ থাকে, তেন্তে ৰাজ্যসভাত ইয়াৰ বিৰোধিতা কৰা হ’ব।” সাংসদ কলিতাই কয়।

আনহাতে বিধেয়কখনৰ ফলদায়কভাৱে বিৰোধিতা কৰিবলৈ আন দলবোৰৰ সহযোগিতা বিচাৰি কংগ্ৰেছে আন ৰাজনৈতিক দলৰ সৈতেও যোগাযোগ কৰা বুলি জনায় সাংসদজনে।

উল্লেখযোগ্য যে লোকসভাত থকা সংখ্যাগৰিষ্ঠতাৰ জোৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন ইতিপূৰ্বে চৰকাৰে পাছ কৰাইছে। কিন্তু ৰাজ্যসভাত শাসক দলৰ সংখ্যাগৰিষ্ঠতা নথকা বাবে সদ্য সমাপ্ত অধিৱেশনত বিধেয়কখন উত্থাপনেই নকৰিলে বিজেপি চৰকাৰে। কিন্তু অহা ৩১ জানুৱাৰিৰ পৰা হ’ব লগীয়া অন্তিমখন বাজেট অধিৱেশনৰ সময়ত বিধেয়কখন ৰাজ্যসভাতো পাছ কৰিবলৈ চেষ্টা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্যসভাত শাসক পক্ষৰ প্ৰয়োজনী সংখ্যা গৰিষ্ঠতা নথকাৰ বিপৰীতে বিৰোধীৰ পক্ষত আছে স্পষ্ট সংখ্যাগৰিষ্ঠতা।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সাংসদ ভুৱনেশ্বৰ কলিতা বিধেয়কখনৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীৰো এজন সদস্য আছিল। আৰু তাতো তেওঁ বিধেয়কখনৰ প্ৰৱল বিৰোধিতা কৰাৰ লগতে, কেইবাটাও সংশোধনী প্ৰস্তাৱ আগ বঢ়াইছিল। অৱশ্যে শাসক পক্ষৰ সাংসদবিলাকে সেয়া নাকচ কৰাত কলিতাৰ চেষ্টা অথলে যায়। তাৰ পিছতে লোকসভাত জেপিচিৰ অনুমোদনৰ ভিত্তিত বিধেয়কখন গৃহীত কৰে চৰকাৰে। ফলত বিধেয়কখন আইন হোৱাৰ পৰা বাধা দিবলৈ এতিয়া কেৱল উচ্চ সদনহে বাকী আছেগৈ।