ৰাজ্যসভাত কংগ্ৰেছৰ সদস্যক নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ভোট দিয়াৰ নিৰ্দেশ হাইকমাণ্ডৰ

Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ছবি

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত কংগ্ৰেছৰ সদস্যক ভোটদান কৰাৰ নিৰ্দেশ দিছে দলটোৰ হাইকমাণ্ডে। বুধবাৰে দলটোৰ জ্যেষ্ঠ নেতা তথা অসমৰ পৰ্যবেক্ষক হৰিশ ৰাৱটে দিল্লীত এই কথা ঘোষণা কৰি দলটোৱে এইক্ষেত্ৰত এক তিনিশৰীয়া হুইপ জাৰি কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি সম্পৰ্কে বিভিন্ন মহলত প্ৰশ্ন স্পষ্ট উত্থাপন হৈ থকাৰ মাজতে ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এক প্ৰতিনিধি দলে কালি দলটোৰ শীৰ্ষ নেতৃত্বৰে এলানী বৈঠকত মিলিত হৈছিল।

ইয়াৰ পিছতে ৰাহুল গান্ধীৰ নিৰ্দেশত বিধেয়কখনৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যসভাত ভোটদান কৰাৰ সিদ্ধান্তৰ লগতে  দলটোৱে তিনিশৰীয়া হুইপ জাৰি কৰাৰ কথা ৰাৱটে সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজি ৰাজ্যসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। দলটোৰ আন এগৰাকী শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদে কংগ্ৰেছৰ প্ৰতিজন সাংসদক বাজেট অধিৱেশনৰ উপস্থিত থকাৰ নিৰ্দেশ দিয়ে।

আনহাতে, নাগৰিকত্ব বিধেয়কখনক অসাংবিধানিক আখ্যা দি কোনো কাৰণতেই ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি ৰাৱটে অন্যান্য ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰি কংগ্ৰেছে ৰাজ্যসভাৰ ‘ফ্ল’ৰ মেনেজমেণ্ট’ থিৰাং কৰিব বুলি জানিবলৈ দিয়ে।

কালিৰ প্ৰতিনিধি দলটোত ৰিপুন বৰাৰ উপৰি বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ সুস্মিতা দেৱ, শান্তিয়াজ কুজুৰ, বীৰেন সিং ইংতি, প্ৰদ্যুৎ বৰদলৈকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেইবা গৰাকী বিষয়ববীয়া উপস্থিত আছিল।