হাজোত বিজেপিৰ হৰা প্ৰাৰ্থীক জিকাবলৈ আৰ এছ এছৰ নেতাৰ দাবীত ৩বাৰকৈ ভোট গণনা; কংগ্ৰেছীৰ প্ৰতিবাদ

ন্যায় বিচাৰি কংগ্ৰেছ কৰ্মীয়ে অৱস্থান কৰিলে হাজো-গুৱাহাটী পথৰ ওপৰত

ৰাজ্যত শাসক দল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত জিকাৰ বাবে নিকৃষ্ট কৌশল অৱলম্বন কৰাৰ অভিযোগ উঠিছে। দলটোৱে নিজৰ হৰা প্ৰাৰ্থীক জিকাবৰ বাবে তিনিবাৰ পৰ্য্যন্ত ভোট গণনা কৰাইছে আৰু শেষত ফলাফল বিজেপি প্ৰাৰ্থীৰ পক্ষত যোৱাতহে ভোটগণনা শুদ্ধ বুলি নিৰ্বাচনী বিষয়াক মানিবলৈ বাধ্য কৰাইছে।

কেইবা ঠাইৰ পৰা এনে অভিযোগ অহাৰ মাজতে আজি হাজোৰ পটনিত শাসক দলটোৰ এনে অশুভ পৰম্পৰা সৃষ্টিৰ প্ৰতিবাদত শ শ কংগ্ৰেছকৰ্মীয়ে ৰাজপথত অৱস্থান কৰিছে। কংগ্ৰেছকৰ্মীসকলে কামৰূপ জিলা ভোট গণনা কেন্দ্ৰত বিজেপিয়ে ব্যাপক হাৰত ৰিগিং কৰা অভিযোগ কৰিছে। অভিযোগ মতে, ফলাফল ঘোষণাৰ পিছত বিজেপিৰ প্ৰাৰ্থী পৰিজিত হোৱা কেইবাটাও পঞ্চায়ত সমষ্টিৰ ভোটগণনা পুনৰ কৰাইছে আৰু ৰিগিঙৰ জৰিয়তে বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাইছে বিজেপিয়ে।

এই ঘটনাক লৈ হাজোৰ ৰাজপথত আজি যুদ্ধ সদৃশ পৰিৱেশ দেখা যায়। যি কোনো মুহূৰ্ততে পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আজি এই অন্যায়ৰ বিৰুদ্ধে ৰাজপথত অৱস্থান গ্ৰহণ কৰি শ শ কংগ্ৰেছকৰ্মীয়ে তেওঁলোকক ন্যায় লাগে বুলি দাবী কৰে।

জানিব পৰামতে, বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা আৰ এছ এছৰ নেতা শংকৰ দাসৰ ভায়েক জিলা পাৰিষদৰ পদত অৱতীৰ্ণ হৈছিল যদিও ভোটগণনাৰ পাছত তেওঁ পৰাজয় বৰণ কৰিব লগীয়া হয়। কিন্তু বিজেপিৰ হেঁচাত নিৰ্বাচনী বিষয়াই উক্ত সমষ্টিৰ তৃতীয়বাৰৰ বাবে পুনৰ ভোট গণনা কৰি পূৰ্বে দুবাৰত বিজয়ী হোৱা কংগ্ৰেছ প্ৰাৰ্থী অজিত ঠাকুৰীয়াক হৰুৱায়।

এই লৈ কংগ্ৰেছকৰ্মীসকলে হাজো-গুৱাহাটী পথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। পৰিস্থিতিৰ অৱনতি ঘটাৰ শংকা কৰি প্ৰশাসনে বৃহৎ সংখ্যক চি আৰ পি এফ বাহিনী মোতায়ন কৰিছে। প্ৰতিবাদত বহা কংগ্ৰেছকৰ্মীসকলে হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, কামৰূপৰ জিলা উপায়ুক্ত কমল বৈশ্য মুর্দাবাদ ধ্বনিৰে হাজোৰ ৰাজপথ উত্তাল কৰি ৰাখে।