NORTHEAST NOW (Assamese)

দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাহাল ৰখাৰ দাবীৰে বিধানসভাৰ অধ্যক্ষলৈ কংগ্ৰেছ বিধায়িনী দলৰ পত্ৰ

January 6, 2021 9:14 am · এন ই নাও নিউজ

বিৰোধী দলপতিৰ স্বীকৃতি বাহাল ৰখাৰ দাবীৰে অসম বিধানসভাৰ অধ্যক্ষলৈ কংগ্ৰেছ বিধায়িনী দলে পত্ৰ প্ৰেৰণ কৰিছে।

কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ‘বিৰোধী দলপতি’ৰ স্বীকৃতি প্ৰত্যাহাৰৰ অধিসূচনা বাতিলৰ দাবী জনাই কংগ্ৰেছ বিধায়িনী দলে অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰে।

কংগ্ৰেছ বিধায়িনী দলে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীলৈ লিখা পত্ৰখনত কংগ্ৰেছ এতিয়াও বৃহত্তম বিৰোধী দল হৈ আছে বুলি উল্লেখ কৰি বিৰোধী দলপতিৰ স্বীকৃতি বাতিল নকৰিবলৈ অধ্যক্ষক অনুৰোধ কৰে।

পত্ৰখনত দলটোৰ তৰফৰ পৰা তেওঁলোকৰ দলৰ কেইগৰাকীমান বিধায়কৰ দলত্যাগ আৰু আকস্মিক মৃত্যুৰ বাবে চি এল পিৰ বিধায়কৰ সংখ্যা হ্ৰাস পাইছে যদিও এতিয়াও কংগ্ৰেছ বৃহত্তম বিৰোধী দল হৈ আছে বুলি উল্লেখ কৰে।

কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ স্বীকৃতি বাতিল কৰাৰ সিদ্ধান্তত অসংবিধানিক আৰু একপক্ষীয় বুলিও কংগ্ৰেছে সমালোচনা কৰে।

Related News