কংগ্ৰেছ শূন্য মাৰ্ঘেৰিটা! : মাৰ্ঘেৰিটাৰ কেবাজনো শীৰ্ষ কংগ্ৰেছী বিষয়ববীয়াৰ পদত্যাগ
যি সময়ত আগন্তক বিধান সভা নিৰ্বাচনত বিজেপি দলে প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাকনিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। দলীয় প্ৰাৰ্থীত্বকলৈ গুণাগঠা চলিছে সেই সময়ত ১২৪নং বিধান সভা সমষ্টিত কংগ্ৰেছ দল অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে।
আজি মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অচিন্ত দাস, তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীণ ৰাজখোৱা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নীলাভ জ্যোতি কোঁৱৰ, মাৰ্ঘেৰিটা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী বন্তি কোঁৱৰ, সাধাৰণ সম্পাদিকা দিপালী বৰাকে ধৰি বহু সংখ্যক কংগ্ৰেছ নেতাই পদবীৰ লগতে দল ত্যাগ কৰা কথা ঘোষণা কৰিছে।
আজি হোটেল ৰয়েল ট্ৰিটত অনুষ্ঠিত এখনি সংবাদমেলত এই কথা ঘোষণা কৰে নেতাকেইজনে।
ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অচিন্ত্য দাসে তেখেতৰ অজ্ঞাতে কালি এক জাননী যোগে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিয়ে যুৱনেতা মনোৰঞ্জন বৰগোঁহাইক নতুনকৈ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাত ক্ষোভ প্ৰকাশ কৰে।
সংবাদমেলখনত দাসে সুদীৰ্ঘ ২০ বছৰে দললৈ সেৱা আগবঢ়াই অহাৰ কথা প্ৰকাশ কৰি তেওঁৰ অনিচ্ছাস্বত্বেও এদিন তেওঁক ব্লক কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত সভাপতি বাসুদেৱ চেত্ৰীৰ ঠাইত সভাপতি পাতিছিল বুলি জানিবলৈ দিয়ে।
বিজেপিৰ এনে আগ্ৰাসী ৰাজনীতিৰ পাছতো নিষ্ঠাসহকাৰে দলৰ কাম কাজ চলাই অহাৰ মাজতে তেওঁক একো কথা নজনোৱাকৈ অপসাৰণ কৰাত ক্ষোভ প্ৰকাশ কৰে।
তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰবীন ৰাজখোৱাই অচ্যিন্ত দাসৰ অপসাৰণক অপমানজনক তথা অগণতান্ত্ৰিক আখ্যা দি আক্ষেপ প্ৰকাশ কৰিছে।
দলটোৰ যুৱনেতা নীলাভজ্যোতি কোঁৱৰে অদৃশ্য শক্তিৰ দ্বাৰা দল পৰিচালিত হয় বুলি প্ৰকাশ কৰি সুদীৰ্ঘ বছৰে আগবঢ়োৱা সেৱাৰ মূল্যায়ণ নহ’ল বুলি ক্ষোভ প্ৰকাশ কৰে।
দলীয় প্ৰাৰ্থী পৰাভূত হোৱাৰ পাছতো দলৰ নেতা প্ৰদ্যুৎ বৰদলৈ গৃহসমষ্টি এৰি নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৈ সাংসদ হোৱাৰ পাছতো এই চাৰি বছৰে দলৰ হৈ কাম কৰি যোৱা এইসকল নেতাৰ পদত্যাগে মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
এই সকল নেতাই মুখ ফুটাই নক’লেও অভ্যন্তৰীণ সংঘাতৰ বাবেই দলত্যাগ কৰাৰ কথা চৰ্চিত হৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজ খেয়াল খুচিমতে নগাঁৱৰ পৰা ৰিম’ৰ্ট চলাই একনায়কত্ববাদী মনোভাৱেৰে মাৰ্ঘেৰিটা কংগ্ৰেছক নিয়ন্ত্ৰণ কৰি অহাটোৱেই এই পদত্যাগৰ কাৰণ বুলি অভিযোগ উঠিছে।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম দলৰ পৰবৰ্তী ৰাজ্যিক সভাপতি হিচাপে চৰ্চিত হৈ থাকোঁতেই তেওঁৰ নিয়ন্ত্ৰণাধীন মাৰ্ঘেৰিটা কংগ্ৰেছতে সৃষ্টি হোৱা এই খহনীয়াই তাৎপৰ্য বহন কৰিছে।