NORTHEAST NOW (Assamese)

PMOৰ বিষয়া হিচাপে পৰিচয় দি Z+ নিৰাপত্তা লৈ কাশ্মীৰত বৈঠক; গ্ৰেপ্তাৰ গুজৰাটী প্ৰৱঞ্চক!

March 17, 2023 10:16 am · এন ই নাও নিউজ, নতুন দিল্লী
ফটো: সংগ্ৰিহীত।

নিজকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) এজন উচ্চ পদস্থ বিষয়া হিচাপে পৰিচয় দিছিল। জেড প্লাছ শ্ৰেণীৰ সুৰক্ষাও পাইছিল। তেনে এগৰাকী বিষয়া হিচাপে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকো অনুষ্ঠিত কৰিছিল। অৱশেষত, গুজৰাটৰ এই ভুৱা বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে।

 জানিব পৰা গৈছে যে লোকজনে এই বছৰ দুবাৰকৈ কাশ্মীৰ ভ্ৰমণ কৰিছিল আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া মৰ্যাদা পদবীৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছিল।

কিৰণ ভাই পেটেল নামৰ গুজৰাটী ব্যক্তিজনক তৃতীয়বাৰৰ বাবে বৈঠকত উপস্থিত থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক প্ৰায় ১০ দিন আগতে গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু কাশ্মীৰ আৰক্ষীয়ে বিষয়টো সম্পূৰ্ণ গোপন ৰাখিছিল।

ভুৱা বিষয়াজনক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহিছে। শ্ৰীনগৰত বৈঠকৰ সময়ত এজন আইএএছ বিষয়াই কিৰণক সন্দেহ কৰিছিল। তেওঁ লগে লগে চোৰাংচোৱা বিভাগক খবৰ দিয়ে।

অৱশেষত চোৰাংচোৱা বিভাগৰ নিৰ্দেশত কাশ্মীৰ আৰক্ষীয়ে কিৰণক গ্ৰেপ্তাৰ কৰিছিল। গুজৰাট আৰক্ষীৰ এটা বিশেষ দলো কিৰণৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কাশ্মীৰত উপস্থিত হৈছে।

বাতৰি অনুসৰি, কিৰণক দুজন আৰক্ষী বিষয়াই ভুৱা বিষয়া হিচাপে প্ৰদৰ্শন কৰাত সহায় কৰিছিল। তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হৈছে। অৱশ্যে দুয়োজন বিষয়াৰ পৰিচয় জানিব পৰা হোৱা নাই।

কিৰণ ভাই পেটেল নামৰ ব্যক্তিজনৰ টুইটাৰ একাউণ্টটো ভেৰিফাইড। তেওঁৰ ১,০০০ অনুসৰণকাৰীৰ ভিতৰত এজন হৈছে গুজৰাট বিজেপিৰ সাধাৰণ সম্পাদক। গতিকে, ভুৱা বিষয়াজনৰ সৈতে বিজেপিৰ সম্পৰ্ক স্পষ্ট হৈ পৰিছে।

কিৰণে ছ’চিয়েল মিডিয়াত নিজকে এজন উচ্চ পদস্থ চৰকাৰী বিষয়া হিচাপে পৰিচয় দিছে। কাশ্মীৰৰ কেইবাখনো ছবি তেওঁৰ সামাজিক মাধ্যমত পোৱা গৈছে। কাশ্মীৰৰ দৰে গুৰুত্বপূৰ্ণ স্থানত কিৰণে কেনেদৰে জেড-প্লাছ নিৰাপত্তাৰ সৈতে মুকলিকৈ ঘূৰি ফুৰিছিল সেই ক্ষেত্ৰত প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

Related News