১০ম মেঘালয় বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাৰ

IMG_20180905_143437

আজি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই দক্ষিণ তুৰা বিধানসভা সমষ্টিৰ পৰা ১০ম মেঘালয় বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰিছে।

শাসনাধিষ্ঠ এমডিএ চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলৰ উপস্থিতিত বিধানসভাৰ অধ্যক্ষ ডংকুপাৰ ৰয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

মুখ্য মন্ত্ৰীগৰাকীৰ শপত গ্ৰহণৰ পাছত ১০ম মেঘালয় বিধানসভাত সদস্যৰ সংখ্যা ৬০গৰাকীৰে সম্পূৰ্ণ হ’ল।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ৬ তাৰিখে মেঘালয়ৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা কনৰাড কে ছাংমা এগৰাকী বিধায়ক নহয়, সাংসদহে।

কনৰাড ছাংমাই আগষ্টৰ ২৩ তাৰিখে অনুষ্ঠিত উপ নিৰ্বাচনত দক্ষিণ তুৰা সমষ্টিৰ পৰা বিজয়ী হোৱাত তেওঁৰ মুখ্য মন্ত্ৰিত্ব পদবীয়ে নিশ্চিতি লাভ কৰিলে। কনৰাড ছামাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ চাৰ্লোটী ডব্ৰিউ মোমিনক অভিলেখ সংখ্যক ৮,৪২১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে কালি মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ তুৰা সাংসদীয় সমষ্টিৰ সাংসদ পদবীৰ পৰা পদত্যাগ কৰিছিল।

দক্ষিণ তুৰা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত কনৰাড ছাংমাই ১৬সংখ্যক লোকসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰাটো বাধ্যতামূলক হৈ পৰিছিল।

উল্লেখ্য যে ৬টা দলেৰে গঠিত এমডিএত এনপিপি (২০ গৰাকী বিধায়ক), য়ুডিপি(৭ গৰাকী বিধায়ক), পিডিএফ (৪ গৰাকী বিধায়ক), বিজেপি (২গৰাকী বিধায়ক), হীল ষ্টে’ট পীপ্‌লছ ডেমক্ৰেটিক পাৰ্টী (২ গৰাকী বিধায়ক) আৰু নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী (১) আৰু ৩গৰাকী নিৰ্দলীয় বিধায়ক আছে।

উল্লেখ্য যে দক্ষিণ শ্বিলং সমষ্টিৰ পৰা নিৰ্বাচিত খুন হাইনেউট্ৰেপ নেশ্যনেল এৱেকনিং মুভমেণ্টৰ (Khun Hynñiewtrep National Awakening Movement চমুকৈ KHNAM)  একমাত্ৰ বিধায়ক এডেলবাৰ্ট নংগ্ৰুমে শাসকীয়া বা বিৰোধী কোনো পক্ষকেই সমৰ্থন কৰা নাই।