NORTHEAST NOW (Assamese)

দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত হ’ব ৰেল টিকেট

March 14, 2020 8:38 pm · এন ই নাও নিউজ

ৰেল মন্ত্ৰ্যালয়ে যাত্ৰীৰ টিকেটক দেশজুৰি দালাল, প্ৰাইভেট এজেণ্ট মুক্ত কৰাৰ পদক্ষেপ হাতত লৈছে।

ক’লা বজাৰত টিকেট বিক্ৰী কৰা ৫,৩০০জন দালালক যোৱা এবছৰ দুমাহত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৮৮৪ বুকিং ভেণ্ডৰক ব্লেকলিষ্টেড কৰা হৈছে।

ৰেল মন্ত্ৰী পিয়ুশ গোৱেলে লোক সভাত শুকুৰবাৰে এই তথ্য সদৰী কৰিছে।

গোৱেলে কয় যে তেওঁ যাত্ৰীৰ বাবে টিকেট বুক কৰাৰ ক্ষেত্ৰত প্ৰাইভেট ভেণ্ডৰ আৰু এজেণ্টক নিষিদ্ধ কৰাৰ কথা বিবেচনা কৰি আছে।

“যিকোনো লোকে ম’বাইলত টিকেট বুক কৰিব পৰাৰ সময়ত তেওঁলোকৰ আৰু প্ৰয়োজন নাই,” মন্ত্ৰী গোৱেলে কয়।

তেওঁ লগতে কয় যে টিকেট কিনাত সহায় বিচৰা যাত্ৰীসকল কমন চাৰ্ভিচ চেণ্টাৰত যাব পাৰে। এই কেন্দ্ৰসমূহ চৰকাৰে পৰিচালনা কৰে।

মধ্যভোগী চামে বুকিং খোলাৰ লগে লগে ছফটৱেৰৰ জৰিয়তে টিকেট বুক কৰি ৰাখে আৰু পিছত যাত্ৰী নাপালে কেন্সেল কৰি দিয়ে।

ফলত বহু প্ৰকৃত যাত্ৰীয়ে টিকেট পোৱাৰ পৰা বঞ্চিত হয় আৰু ৰেলৱেই বৃহৎ পৰিমাণৰ লোকচান ভৰিব লগা হৈ আহিছে।

ৰেল মন্ত্ৰ্যালয়ে এনে ছফটৱেৰক অবৈধ বুলি ঘোষণা কৰি নিষিদ্ধ কৰিছে আৰু ইয়াৰ লগত জৰিত ১০৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

Related News