প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ষড়যন্ত্ৰ ফাদিল,তদন্ত আৰম্ভ কৰিছে ‘নিয়া’ই

Narendra_Modi_PTI

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিলে এজন অচিনাক্ত লোকে।

ই-মেইলৰ জৰিয়তে দিয়া এনে ভাবুকি লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে দেশৰ শীৰ্ষ তদন্তকাৰী সংস্থা সমূহৰ মাজত হৈ-চৈ লাগিছে।

জানিব পৰা মতে এজন অজ্ঞাত লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰিবলৈ এটা ই-মেইল প্ৰেৰণ কৰিছে।

প্ৰেৰকজনে খবৰ ই-মেইলত উল্লেখ কৰিছে যে তেওঁৰ ২০ কিলোগ্ৰাম আৰডিএক্স আছে আৰু তেওঁ হাজাৰ হাজাৰ লোকক হত্যা কৰিব পাৰে। মেইলটোত তেওঁ লিখিছে—”মই সমগ্ৰ দেশতে ২০ টা আক্ৰমণৰ পৰিকল্পনা কৰিছো” । লোকজনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এই বুলি অভিযোগ কৰিছে যে মোদীয়ে “তেওঁৰ জীৱন ধ্বংস কৰিছে”।

মোদীক হত্যাৰ এনে ভাবুকি ভৰা ই-মেইল পোৱাৰ পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ‘নিয়া’ই ভাবুকিপূৰ্ণ ই-মেইলটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

মেইলটো যি মেইলৰ পৰা আহিছে তাৰ অনুসন্ধানতো নামি পৰিছে ‘নিয়া’।