লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : ৭ নং গুৱাহাটী লোকসভা সমষ্টি

Guwahati Loksabha Constituency

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

সমষ্টিৰ নাম-গুৱাহাটী লোকসভা সমষ্টিঃ

অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় সমষ্টি হৈছে ৭ নং গুৱাহাটী লোকসভা সমষ্টি। গুৱাহাটী সমষ্টিটো এটা অসংৰক্ষিত সমষ্টি।

২০১৯ চনৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গুৱাহাটী সমষ্টিত ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ-

মুঠ ভোটাৰৰ সংখ্যা : ২১,৭৮,৬১৭ গৰাকী

পুৰষ ভোটাৰ : ১১,০০৭৪৬ জন

মহিলা ভোটাৰ : ১০,৭৭,৭৯৩ গৰাকী

তৃতীয় লিংগৰ ভোটাৰ : ৭৮ গৰাকী

সমষ্টিটোত থকা মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল : ২৫৯২ টা

গুৱাহাটী লোকসভা সমষ্টিটোত থকা মুঠ বিধানসভা সমষ্টিৰ সংখ্যা হৈছে ১০ টা। সমষ্টি কেইটা হ’ল ক্ৰমে-

১) ৩৬ নং দুধনৈ বিধানসভা সমষ্টি ( এচ টিৰ বাবে সংৰক্ষিত, বৰ্তমান বিজেপিৰ দখলত, বিধায়ক দীপক কুমাৰ ৰাভা )

২) ৪৮ নং বকো বিধানসভা সমষ্টি ( এচ চিৰ বাবে সংৰক্ষিত, বৰ্তমান কংগ্ৰেছৰ দখলত, বিধায়ক নন্দিতা দাস )

৩) ৪৯ নং ছয়গাঁও বিধানসভা সমষ্টি ( বৰ্তমান কংগ্ৰেছৰ দখলত, বিধায়ক ৰেকিবুদ্দিন আহমেদ )

৪) ৫০ নং পলাশবাৰী বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক প্ৰনৱ কলিতা )

৫) ৫১ নং জালুকবাৰী বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক হিমন্ত বিশ্ব শৰ্মা )

৬) ৫২ নং দিচপুৰ বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক অতুল বৰা )

৭) ৫৩ নং পূব গুৱাহাটী বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য )

৮) ৫৪ নং পূৱ গুৱাহাটী বিধানসভা সমষ্টি ( বৰ্তমান অগপৰ দখলত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা )

৯) ৫৫ নং হাজো বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক সুমন হৰিপ্ৰিয়া )

১০) ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি ( বৰ্তমান বিজেপিৰ দখলত, বিধায়ক নাৰায়ণ ডেকা )

আনহাতে, গুৱাহাটী লোকসভা সমষ্টিটো তলত উল্লেখ কৰা ধৰণে বিগত লোকসভা নিৰ্বাচনসমূহত বিভিন্ন ৰাজনৈতিক দলৰ দখলত আছে-

১) ১৯৫১ চনৰ নিৰ্বাচন, সাংসদ-ৰোহিনী কুমাৰ চৌধুৰী (কংগ্ৰেছ)

২) ১৯৫৬ চনৰ নিৰ্বাচন, সাংসদ-দেবেন্দ্ৰ নাথ শৰ্মা (কংগ্ৰেছ)

৩) ১৯৫৭ চনৰ নিৰ্বাচন, সাংসদ-হেম বৰুৱা (প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি)

৪) ১৯৬২ চনৰ নিৰ্বাচন, সাংসদ-হেম বৰুৱা (প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি)

৫) ১৯৬৭ চনৰ নিৰ্বাচন, সাংসদ-ধীৰেশ্বৰ কলিতা (কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া)

৬) ১৯৭১ চনৰ নিৰ্বাচন, সাংসদ-দীনেশ গোস্বামী (কংগ্ৰেছ)

৭) ১৯৭৭ চনৰ নিৰ্বাচন, সাংসদ-ৰেনুকা দেৱী বৰকটকী (ভাৰতীয় লোক দল)

৮) ১৯৮৫ চনৰ নিৰ্বাচন, সাংসদ-দীনেশ গোস্বামী (নিৰ্দলীয়)

৯) ১৯৯১ চনৰ নিৰ্বাচন, সাংসদ-কিৰিপ চলিহা (কংগ্ৰেছ)

১০) ১৯৯৬ চনৰ নিৰ্বাচন, সাংসদ-প্ৰবীণ চন্দ্ৰ শৰ্মা (অসম গণ পৰিষদ)

১১) ১৯৯৮ চনৰ নিৰ্বাচন, সাংসদ-ভূৱনেশ্বৰ কলিতা (কংগ্ৰেছ)

১২) ১৯৯৯ চনৰ নিৰ্বাচন, সাংসদ-বিজয়া চক্ৰৱৰ্তী (বিজেপি)

১৩) ২০০৪ চনৰ নিৰ্বাচন, সাংসদ-কিৰিপ চলিহা (কংগ্ৰেছ)

১৪) ২০০৯ চনৰ নিৰ্বাচন, সাংসদ-বিজয়া চক্ৰৱৰ্তী (বিজেপি)

১৫) ২০১৪ চনৰ নিৰ্বাচন, সাংসদ- বিজয়া চক্ৰৱৰ্তী (বিজেপি)

২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীকেইগৰাকী হ’ল-

কুইন ওঝা (বিজেপি), ববিতা শৰ্মা (কংগ্ৰেছ), মনোজ শৰ্মা (তৃণামূল কংগ্ৰেছ),অভিজিত চক্ৰৱৰ্তী (ভাৰতীয় গণ পৰিষদ), চাদেক আলী (ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া), পংকজ দাস (শ্বৰ্ণ ভাৰত পাৰ্টি), পাৰ্থ প্ৰতীম বৰুৱা (ভোটাৰ পাৰ্টি নেশ্যনেলিষ্ট), মামনি শৰ্মা (পূৰ্বাঞ্চল জন পাৰ্টি), ৰাজীৱ কাকতি (হিন্দুস্থান নিৰ্মান দল), ৰাতুল কুমাৰ চৌধুৰী (সমাজৱাদী পাৰ্টি), ৰুবী নেওগ (নেশ্যনেলিষ্ট ৰিপাব্লিকান কংগ্ৰেছ), আলীমুদ্দিন আহমেদ (নিৰ্দলীয়), উপমান্যু হাজৰিকা (নিৰ্দলীয়), উৎপল বৰগোঁহাই (নিৰ্দলীয়), জোনমনি দেৱী খাউণ্ড (নিৰ্দলীয়), ফাৰুক আহমেদ ভূঞা (নিৰ্দলীয়) আৰু শশাংক সিনহা (নিৰ্দলীয়)।

উল্লেখযোগ্য যে, বিগত দুটা কাৰ্য্যকাল ধৰি বিজেপিয়ে দখল কৰি থকা সমষ্টিটোত এইবাৰ গেৰুৱা দলটোৱে দুটা কাৰ্য্যকালৰ সাংসদ বিজয়া চক্ৰৱৰ্তীক প্ৰাৰ্থিত্ব নিদি কুইন ওঝাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সেইদৰে কংগ্ৰেছেও নতুন প্ৰাৰ্থী ববিতা শৰ্মাক প্ৰাৰ্থীত্ব দিছে।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী বিজেপিৰ প্ৰাৰ্থী বিজয়া চক্ৰৱৰ্তীয়ে মুঠ ৭,৬৪, ৯৮৫ টা ভোট লাভ কৰাৰ বিপৰীতে নিকততম প্ৰতিদ্বন্দ্বি কংগ্ৰেছ দলৰ প্ৰাৰ্থী মানস বৰাই ৪,৪৯,২০১ টা ভোট লাভ কৰিছিল।

গুৱাহাটী সমষ্টিত তৃতীয় পৰ্য্যায়ত অৰ্থাৎ ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।