কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

index.jpgn

কাজিৰঙা নাথাকিলে অসম নাথাকে৷ যাৰ বাবেই অসমত কাজিৰঙাৰ গুৰুত্ব আছে আৰু থাকিবই৷ অন্যপ্ৰাণীৰ দৰে মানুহো পৃথিবীৰ বাসিন্দা৷যাৰ বাবে আমি বন্যপ্ৰাণী সন্মান কৰা উচিত৷

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ এক বিশেষ সজাগতা কাৰ্যসুচীত এই দৰে মন্তব্য কৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ কটেশ্বৰ সিঙে৷

আজিৰ এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যকৰী সভাপতি কটেশ্বৰ সিং, জম্মু কাশ্মীৰ উচ্চ ন্যায়লয়ৰ ন্যায়াধীশ টাচি ৰামষ্টান্ট, আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰ, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ লগতে অগৰাতলিৰ কাষৰীয় ১৫ খন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্য সকল উপস্থিত থাকে৷

অসম ৰাজ্যিক আইন সেৱা প্ৰধিকৰণৰ সচিব নয়ন শংকৰ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত ন্যায়াধীশ কটেশ্বৰ সিং আৰু টাচি ৰামষ্টান্টক স্থানীয় ফলমূল, স্মাৰক আৰু অনান্য উপহাৰে আদৰণী জনোৱা হয়৷

অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰে ৰাজ্যত সংঘৰ্টিত হোৱা বন্যপ্ৰাণী অপৰাধ বিষয়ক সচিত্ৰ উপস্থাপন দাঙি ধৰে৷

কাছাৰ জিলাৰ সত্ৰ ন্যায়াধীশ ডাৰাক উল্লাহ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়েও ৰাজ্যৰ বন্যপ্ৰাণী অপৰাধৰ লগতে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সময়ত বন বিষয়াসকলে সন্মুখীন হোৱা সমস্যাৰ ওপৰত বক্তব্য দাঙি ধৰে৷

মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই আলোচিত পটভুমিত আৰক্ষীৰ সমস্যাৰ বিষয়ে বক্তব্য আগবঢ়ায়৷

অনুষ্ঠানত দিয়া ভাষণত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ টাচি ৰামষ্টান্টে মন্তব্য কৰে যে বন্যপ্ৰাণীৰ বাবে প্ৰধান সমস্যা হ’ল মানুহ৷ পৰ্যটনৰ নামত আমি বন্যপ্ৰাণীক আমনি কৰা অনুচিত৷

আজিৰ এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় সংগঠন ডেভিড চেফাৰ্ড ফাউণ্ডেচনৰ সহযোগত আৰণ্যকৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ১৫ খন গাঁৱৰ গাঁওৰক্ষী বাহিনীক টৰ্চ লাইট প্ৰদান কৰা হয়৷