সংখ্যালঘু চিনাক্তকৰণ সন্দৰ্ভত ২৪ ৰাজ্যই দাখিল কৰিছে মতামত: উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰই

Centre to SC on Identification of Minorities

ৰাজ্যিক পৰ্যায়ত সংখ্যালঘু চিনাক্তকৰণৰ ক্ষেত্ৰত দেশৰ সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে পৰামৰ্শমূলক বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু এতিয়ালৈকে ২৪খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলে মতামত দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ত এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা তথ্য মতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰিও গৃহ পৰিক্ৰমা মন্ত্ৰালয়, আইন আৰু ন্যায় মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, সংখ্যালঘুৰ ৰাষ্ট্ৰীয় আয়োগ (NCM), আৰু সংখ্যালঘু শিক্ষানুষ্ঠানৰ বাবে ৰাষ্ট্ৰীয় আয়োগ (NCMEI)ৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল।

মন্ত্ৰালয়ৰ তথ্য মতে, ২৪ খন ৰাজ্যৰ চৰকাৰ ক্ৰমে অন্ধ্ৰ প্ৰদেশ, অসম, বিহাৰ, চত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, মেঘালয়, মিজোৰাম, মণিপুৰ, উৰিষ্যা, ছিকিম, উত্তৰাখণ্ড, নাগালেণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা, গুজৰাট, গোৱা, পশ্চিম বংগ, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, তামিলনাডুৱে এই বিষয়ত মতামত দাখিল কৰিছে।

আনহাতে ৬ টা কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰমে লাডাখ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন এণ্ড ডিউ, চণ্ডীগড়, দিল্লীৰ এনচিটি, আন্দামান আৰু নিকোবৰ দ্বীপ আৰু পুডুচেৰীয়ে মতামত আগবঢ়াইছে বুলি মন্ত্ৰালয়ে লগতে কয়।

মন্ত্ৰালয়ে লগতে উল্লেখ কৰা মতে বাকী ছখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল- অৰুণাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, লক্ষদ্বীপ, ৰাজস্থান আৰু তেলেংগানাৰ মতামতৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো সন্দৰ্ভত ২০২২ চনৰ ২১ ডিচেম্বৰত ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অন্তিমবাৰৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল বুলিও লগতে উল্লেখ কৰে।

শপতনামাত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কিছু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই বিষয়ত নিজৰ বিবেচিত মতামত দাখিল কৰাৰ পূৰ্বে অংশীদাৰসকলৰ সৈতে আলোচনাৰ বাবে অতিৰিক্ত সময়ৰ বাবে অনুৰোধ জনাইছে বুলি উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে।

উল্লেখ্য যে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ৰ আবেদনৰ লগতে আন আন আবেদনৰ প্ৰতি সঁহাৰি জনাই এই শপতনামা দাখিল কৰা হৈছে। অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে আবেদন যোগে দেশৰ ১০ খন ৰাজ্যত হিন্দু ধৰ্মাৱলম্বীসকলক সংখ্যালঘু বুলি দাবী কৰি ৰাজ্য পৰ্যায়ত সংখ্যালঘু চিনাক্তকৰণৰ বাবে গাইডলাইন গঠন কৰাৰ বাবে নিৰ্দেশনা বিচাৰিছিল।

বিগত বৰ্ষৰ ১০ মে’ত উচ্চতম ন্যায়ালয়ে ৰাজ্য পৰ্যায়ত হিন্দুকে ধৰি সংখ্যালঘুসকলক চিনাক্তকৰণৰ বিষয়ত কেন্দ্ৰৰ স্থিতি সলনি কৰাত অসন্তুষ্টি প্ৰকাশ কৰি তিনি মাহৰ ভিতৰত ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিছিল।