ইতিমধ্যে চলি আছে ইছলাম ধৰ্মালম্বী লোক সকলৰ পৱিত্ৰ ৰমজান মাহৰ ৰোজা ৷ বহু ইছলাম ধৰ্মীয় লোকে বছৰৰ এই পৱিত্ৰ ৰমজান মাহটোত ৰোজা ৰাখিছে,আৰু বহুতেই বিভিন্ন অসুবিধাৰ কাৰণে ৰোজা ৰাখিব পৰা নাই।
যিসকলে আজিৰ তাৰিখত ৰোজা ৰাখিছে তেওঁলোকেও আকৌ মাজে সময়ে চিন্তাত থমকি ৰৱ লগাত পৰিছে ৷ কিয়নো এই ৰমজান মাহটো আহিলেই একাংশ ফল মূলৰ ব্যৱসায়ী যিয়ে যেনেদৰে পাৰিছে ইচ্ছামতে বঢ়াই গৈছে নানা বিধ ফলমূলৰ দাম ৷
এই এটা মাহ ফলৰ ব্যৱসায়ীসকলৰ মুৰ তুলি চাবলৈ হাতত নাই অকনো সময় ৷ যি কি নহওঁক পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ ইফটাৰ বুলিলে প্ৰত্যেকজন লোকৰ মনলৈ আহে সুস্বাদু খাদ্য সম্ভাৰৰ কথা ৷
দিনটোৰ কঠোৰ ৰমজানৰ ৰোজাৰ অন্তত সন্ধিয়া ফলমূলৰ লগতে সোৱাদ ভৰা খাদ্যৰে ভৰপুৰ ইফটাৰৰ থালীখন সন্মুখত লৈ বহিলেই ৰোজা পালন কৰা লোক সকলে পৰম সন্তুষ্টি লাভ কৰে ৷
কিন্ত বৰ্তমান সময়ত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকৰ ইফটাৰৰ থালীখনৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে বজাৰৰ বিভিন্ন সুস্বাদু ফলমূল ৷ ৰমজান মাহ আৰম্ভ হোবাৰে পৰা প্ৰতিবিধ ফলৰে দাম ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাত স্বাভাৱিকতে বিমোৰত পৰিছে সাধাৰণ শ্ৰেণীৰ গ্ৰাহক ৰাইজ ৷
কিয়নো ৰমজানৰ মাহৰ ৰোজাৰ বতৰত বজাৰৰ পৰা ইছলাম ধৰ্মীয় লোক সকলে কিছু বেছি পৰিমাণে হলেও ফলমূল ক্ৰয় কৰে সন্ধিয়া পৰিয়ালৰ লোক সকলৰ সৈতে ইফটাৰ কৰাৰ মানসেৰে ৷
কিন্ত, এতিয়া ফলমূলৰ বজাৰত আপেল, আঙুৰ, তৰমুজ, কল, মৌচম্বী, আম, ডালিম, খেজুৰ আদিকে ধৰি সকলোবোৰ ফলৰে দাম অভাৱনীয় ভাৱে বৃদ্ধি পোৱাত গ্ৰাহক সকলে বজাৰৰ পৰা ফলমূল ক্ৰয় কৰা সময়ত দহবাৰ চিন্তা কৰিব লগাত পৰিছে ৷
নগাঁৱৰ বিভিন্ন গ্ৰামাঞ্চলৰ সমান্তৰালভাৱে চহৰৰ কেইবাখনো ফলমূলৰ বজাৰত প্ৰতি কেজি আপেল থাইলেণ্ড ২২০-২৪০ টকা, চুইজাৰলেণ্ড ২৪০-২৬০, হিমাচল প্ৰদেশ ১৬০-১৮০-২০০ টকা, কাশ্মীৰি ১৮০-২২০, প্ৰতিকেজি আঙুৰ নাছিক ২০০-২৩০,আম মাদ্ৰাজ ২০০-২৩০, মালদা (পশ্চিমবংগ) ১৮০-২০০ টকা, মৌচম্বী ২৩০-২৫০ টকা, তৰমুজ কেজি প্ৰতি ৪০-৫০ টকা, ডালিম ২৩০-২৬০ টকা, মালভোগ কল আশি প্ৰতি ৯০-১৫০ টকা,চেনি কল ৬০-৮০ টকা, জাহাজী কল ৭০-১২০ টকা, অমৃত সাগৰ ৮০-১৩০ টকা, তিয়ঁহ ৪০-৬০ টকা কেজি প্ৰতি ৷
আনহাতে, এতিয়া সকলো বজাৰতে সহজলভ্য হৈ পৰা আৰৱ-ইৰাণৰ খেজুৰ প্ৰতিকেজিত ২৫০-৩০০ টকা আৰু ভাৰতীয় খেজুৰ ৮০-১২০ টকা, কাজু বাদাম ১০০০-১২০০ টকাকৈ বিক্ৰী হৈ আহিছে ৷
ফলৰ বজাৰত ফলমূল ক্ৰয় কৰি থকা কেইজনমান গ্ৰাহকে কয়, “ইছলাম ধৰ্মীয় সমাজত পৱিত্ৰ ৰমজান মাহ বছৰত এবাৰেই আহে৷ বজাৰত ফলমূলৰ দাম বৃদ্ধি হ’লেও আমিটো ফলমূল সমূহ সন্ধিয়াৰ ইফটাৰৰ সময়ত ব্যৱহাৰ কৰিবই লাগিব ৷ গতিকে বজাৰত চ’ৰা দাম হ’লেও ক্ৰয় কৰি আহিছো ৷’’
বজাৰত দাম বেছি হ’লেও আৰৱৰ খেজুৰবিধ খাই ভাল পোৱা এজন ব্যক্তিয়ে লগতে কয়, “আমি তাহানিৰে পৰা ৰোজা পালন কৰি আহিছো ৷ কিন্ত অন্য বছৰবোৰৰ তুলনাত এইবাৰ সঁচাকৈয়ে ফলমূল সমূহৰ দাম বৃদ্ধি পাইছে ৷ ই সঁচাকৈয়ে আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়াল সমূহৰ বাবে অত্যন্ত চিন্তনীয় বিষয় ৷ যি কি নহৱক তথাপিওটো আমি এই সকলোৰে মাজত পৱিত্ৰ ৰোজা পালন কৰিবই লাগিব ৷’’
উল্লেখ্য যে,পৱিত্ৰ ৰমজান মাহৰ সময়ত উচ্চদাম হ’লেও সৰ্ব্বসাধাৰণ গ্ৰাহক ৰাইজে ফলমূল ক্ৰয় কৰিবলৈ বাধ্য বাবে হোৱাৰ বাবেই এতিয়া খুচুৰা ব্যৱসায়ী সকলে ফলমূলৰ দাম ইচ্ছা অনুসৰি বৃদ্ধি কৰে বুলিও একাংশ সচেতন গ্ৰাহকে মত ব্যক্ত কৰিছে ৷ ৰাজ্য খনত এটা বিয়াগোম যোগান বিভাগ আছে যদিও এইক্ষেত্ৰত বিভাগটোৰ পৰা কোনো সু্ফল নোপোৱাৰ গুৰুতৰ অভিযোগ উঠিছে সাধাৰণ ৰাইজৰ মাজত ৷
বৰ্তমান পৱিত্ৰ ৰোজা মাহৰ এই সময়চোৱাত বজাৰত নগাঁও যোগান বিভাগৰ পৰিদৰ্শক-বিষয়া কোনো এজনকে এইক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই সৰ্ব্বসাধাৰণ গ্ৰাহক ৰাইজে ৷
ইপিনে ভয়াবহ কভিড-১৯ৰ গ্ৰাসত এতিয়া সমগ্ৰ অসম। ক’ভিড ৰোগী সকলৰ বাবেও অতি প্ৰয়োজন বিভিন্ন ধৰণৰ ফল মূল। কিন্তু ফলৰ বজাৰৰ এই আকাশলংঘী মূল্য বৃদ্ধিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণ ৰাইজক।
ইয়াৰ উপৰিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছৰে পৰা ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি প্ৰতিটো সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে এতিয়া এতি সৰিয়হফুল দেখুৱাইছে ৰাইজক। এই ক্ষেত্ৰত নতুন চৰকাৰ খনে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছে সৰ্বসাধাৰণ ৰাইজে ।