NORTHEAST NOW (Assamese)

নামৰূপত আমৰণ অনশন তাপ বিদ্যুৎ কেন্দ্ৰৰ অস্থায়ী ঠিকা শ্ৰমিকৰ

September 28, 2018 7:15 pm · অক্ষয় প্ৰণৱ কলিতা
নামৰূপত অনশনৰত ঠিকা শ্ৰমিকসকল। ছবি- নৰ্থ ইষ্ট নাও।

নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা নিয়মৰ বিৰোধিতা কৰি শুকুৰবাৰৰ পৰা আমৰণ অনশনত বহিছে কোম্পানিটোত কৰ্মৰত অস্থায়ী ঠিকা শ্ৰমিকে।

অসম শক্তি উৎপাদন নিগম লিমিটেডে ৩য় আৰু ৪ৰ্থ বৰ্গৰ ৩৫০০টা পদত নিযুক্তি দিয়াৰ বাবে দিয়া শেহতীয়া বিজ্ঞাপনত ঠিকাভিত্তিক শ্ৰমিকৰ অভিজ্ঞতাক গ্ৰাহ্য কৰা নহ’ব বুলি কৰা ঘোষণা বাতিলৰ দাবীত অনশনত বহিছে এইসকল শ্ৰমিক।

বিজ্ঞাপনটোত  উল্লেখ থকা হৈছে যে আবেদনকাৰী  অসম শক্তি খণ্ডৰ অধীনত ৫ বছৰ কাম কৰাৰ  অভিজ্ঞতা থকা হ’ব লাগিব। কিন্তু লগতে কোৱা হৈছে যে বিদ্যুৎ খণ্ডত ঠিকাদাৰৰ অধীনস্থ অস্থায়ী  ঠিকা শ্ৰমিকৰ আবেদন তথা অভিজ্ঞতাৰ  প্ৰমাণ পত্ৰ গ্রহণযোগ্য নহ’ব।

ফলত বিদ্যুৎ কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি কৰ্মৰত ঠিকা শ্ৰমিকসকল চাকৰিৰ বাবে অযোগ্য ঘোষিত হৈছে।

কেন্দ্ৰটোৰ অস্থায়ী ঠিকা শ্ৰমিক সন্থা (উৎপাদন বিভাগ)ই  তেওঁলোকৰ ৫ টা  দাবী সন্নিৱিষ্ট  এক স্মাৰক পত্ৰও  উৰ্দ্ধতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে।

ঠিকা শ্ৰমিকৰ চাকৰি স্থায়ীকৰণ, সকলো অস্থায়ী ঠিকা শ্ৰমিকক অনাগত সাক্ষাৎকাৰত বহিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, শ্ৰমিকসকলৰ অৰ্হতাৰ প্ৰকৃত মূল্যাংকন আৰু অগ্ৰাধিকাৰ—এইকেইটাই হ’ল শ্ৰমিকসকলৰ মূল দাবী।

Related News