গ্ৰেপ্তাৰ হ’ল ‘স্বয়ম্ভূ আচাৰ্য’ পংকজ পাঠক: হাতীগাঁও আৰক্ষী থানালৈ স্থানান্তৰ

Acharya Pankaj Pathak

মহিলাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰে শেহতীউয়াকৈ চৰ্চালৈ অহা ‘স্বয়ম্ভূ আচাৰ্য’ পংকজ পাঠকক বুধবাৰে নিশা বৰপেটা জিলাৰ হাউলীৰ পৰা অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে।

ফেচবুক যোগে শ্বেয়াৰ কৰা এক ভিডিঅ’ বাৰ্তাত মহিলা সকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছত পাঠকৰ বিৰুদ্ধে ৰাজ্যজুৰি কেইবাটাও অভিযোগ দাখিল কৰা হৈছিল।

নিজৰ উৎপাদিত দ্ৰব্য বিক্ৰী কৰাৰ নামত মহিলাৰ বিৰুদ্ধে চৰম অপমানজনক মন্তব্য কৰাৰ বাবে ৰাজ্যজুৰি পাঠকক গ্ৰেপ্তাৰৰ দাবী উত্থাপিত হৈছিল।

পাঠকৰ বিৰুদ্ধে সৃষ্টি হোৱা এনে ক্ষোভৰ পাছতে আৰক্ষীয়ে নলবাৰীৰ তিহুত তেওঁৰ ফেক্টৰীত অভিযান চলাইছিল যদিও পাঠকক পলাতক ঘোষণা কৰা হৈছিল।

অৱশেষত কালি নিশা বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা আৰক্ষীয়ে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰে৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে৷

জানিব পৰা মতে বুধবাৰে দিনৰ ভাগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত আশ্ৰয় লৈ আছিল পংকজ পাঠকে৷

আনহাতে কালঝাৰৰ এজন লোকৰ ঘৰত পাঠকে নিশাটো কটোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে কালি নিশা প্ৰায় ১১ বজাত পংকজ পাঠকক আটক কৰে৷

সোধ পোছৰ পাছত বৰপেটা আৰক্ষীয়ে পাঠকক গ্ৰেপ্তাৰ কৰি প্ৰথমে বৰপেটা সদৰ থানালৈ আনে যদিও নিশাৰ ভিতৰতে গুৱাহাটীৰ হাতীগাঁও থানালৈ অনা হয়।

বৰ্তমান ধৃত স্বয়ম্ভূ আচাৰ্য গৰাকীক হাতীগাঁও থানাত ৰখা হৈছে।