গোপনে দেশৰ নাম পৰিৱৰ্তন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী অ’লিয়ে! : দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি

nepal-oli

গোপনে দেশৰ নাম সলনি কৰাৰ চেষ্টা নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ।

পিছে বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ।

আনকি প্ৰধানমন্ত্ৰীৰ অ’লিৰ শাসকীয় দলৰ অভ্যন্তৰতো এই সম্পৰ্কে বিবাদ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

দেশৰ অধিকাংশই প্ৰধানমন্ত্ৰী অ’লিক এই পদক্ষেপৰ বিৰত থাকিবলৈ দাবী জনাইছে।

জানিব পৰা মতে কিছু মাহৰ পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰী অ’লিয়ে এই গোপন প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছিল। নেপালৰ সংদসীয় বিষয়ক, আইন আৰু বিচাৰ মন্ত্ৰণালয়ক দেশৰ নাম সলনি কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল অ’লিয়ে।

উক্ত নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ চৰকাৰী সংস্থাক দেশখনৰ নাম ‘ফেডাৰেল ৰিপাব্লিক অৱ নেপালৰ( Federal Democratic Republic of Nepal)’ পৰিৱৰ্তে কেৱল ‘নেপাল’ নামটো লিখাৰ বাবে নিৰ্দেশ জাৰি কৰা হয়।

নিৰ্দেশনাটোত দেশৰ নামটো হঠাতে কিয় আৰু কেনেকৈ পৰিৱৰ্তন কৰা হ’ল সেই বিষয়ে স্পষ্ট বিৱৰণো দিয়া হোৱা নাই। যাৰ ফলত শাসকীয় দলটোৰ মাজতো এই বিষয়টোক লৈ বিবাদ আৰম্ভ হৈছে।

ইফালে দেশখনৰ সংবিধান বিশেষজ্ঞসকলে দেশৰ নাম চৰকাৰে হঠাতে পৰিৱৰ্তন কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে। ইয়াৰ বাবে মন্ত্ৰী সভা আৰু সংসদত আইন গৃহীত কৰিব লাগে।

কিন্তু দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এনে কোনো আইনী প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈয়ে দেশখনৰ নাম সলনি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সমালোচিত হৈছে।

উল্লেখ্য যে ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত সংবিধানত দেশখনৰ নাম ‘ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ নেপাল’ হিচাপে উল্লেখ কৰা হৈছিল।