সতী ৰাধিকা বঁটা প্ৰদান কৰি বিজেপি চৰকাৰে সস্তীয়া ৰাজনীতি কৰিছে : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

'বটাঁ প্ৰদানক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট ৰাজনীতিয়ে জাতিটোক অপমানিত কৰিছে' ৰুবুল দাস

Sati Radhika Final (1)

কালি অসম চৰকাৰে ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা সতী ৰাধিকা বঁটা অনুষ্ঠানক কেন্দ্ৰ কৰি সস্তীয়া  ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে।

দাসে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে  কয়  ‘বিজেপি চৰকাৰে প্ৰদান কৰা এই বটাঁৰ দ্বাৰা অসমৰ অনুসূচিত জাতিৰ কোনোধৰণৰ উৎকৰ্ষ সাধন নহয়। বৰঞ্চ বটাঁ প্ৰদানক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট ৰাজনীতিয়ে জাতিটোক অপমানিত কৰিছে।‘

তেওঁ লগতে কয় ‘এগৰাকী বিশিষ্ট জয়ন্তীয়া মূলৰ সমাজকৰ্মী ইভলিনটিচ চাভেমক বটাঁ প্ৰদান কৰা অনুষ্ঠানটোত অনুসূচিত জনগোষ্ঠীটোৰ এজনো শিক্ষাবিদ, সমাজকৰ্মী, বুদ্ধিজীৱি তথা আগশাৰীৰ ব্যক্তিক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নাৰী কেলেংকাৰীত জৰিত দালাল, জেলফেৰৎ, ভূৱা অনুসূচিত জাতিৰ ব্যক্তি, সদ্য বিজেপিত যোগদান কৰা লোকক মঞ্চত আসন গ্ৰহণ কৰিবলৈ দিয়া কাৰ্য্যই জাতিটোক অপমানিত কৰিছে।‘

ইয়াৰোপৰি তেওঁ কয় ‘জিনচ্ পেণ্ট আৰু টি চাৰ্ট পৰিহিত অনা অনুসূচিত যুৱতীৰ দ্বাৰা বটাঁ প্ৰাপকক মঞ্চত গামোছাৰে সম্বৰ্ন্ধণা জনাবলৈ দিয়া কাৰ্য্যই  জাতিটোৰ আত্মসন্মানত আঘাত হানিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

কেৱল মাথো ভোটৰ ৰাজনীতি কৰিবলৈ এনেদৰে এগৰাকী মহিয়সি নাৰীৰ নামত প্ৰদান কৰা বঁটা অনুষ্ঠান এইখন বিজেপি চৰকাৰে পাতিছে বুলি ৰুবুল দাসে মন্তব্য কৰে।

ভৱিষ্যতে অনুসূচিত জাতিৰ নামত সস্তীয়া ৰাজনীতি নকৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰক সকীয়াই দিয়ে দাসে।