স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ পেৰ’লক লৈ বিতৰ্ক! পুনৰ মুকলি আকাশৰ তলত ২১ দিনৰ বাবে
৫৭ বছৰীয়া স্বঘোষিত ধৰ্মগুৰু ৰাম ৰহিমৰ বিৰুদ্ধে আছে হত্যা আৰু ধৰ্ষণৰ গুৰুতৰ অভিযোগ। ৰাম ৰহিম পেৰ’লত সঘনে জেলৰ পৰা ওলাই আহৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছে। এইবাৰ হাৰিয়ানা চৰকাৰে তেওঁক ২১ দিন আৰু জানুৱাৰীত ৩০ দিনৰ পেৰ’লত মুকলি কৰিছিল।
২০০২ চনত ডেৰাৰ সদস্য ৰঞ্জিত সিঙৰ হত্যাৰ গোচৰত নিম্ন আদালতে তেওঁক দোষী সাব্যস্ত কৰিছিল, কিন্তু বিগত বছৰ মে’ত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে তেওঁক মুক্তি দিছিল। পাছত ২০১৭ত শিষ্যক ধৰ্ষণৰ অভিযোগত নিম্ন আদালতে তেওঁক ২০ বছৰৰ কাৰাদণ্ড দিছিল। বৰ্তমান তেওঁ ৰোহটকৰ ছুনীয়া জেলত আছে।
প্ৰাপ্ত তথ্য অনুসৰি ৰাম ৰহিমে ৫ বছৰত ৩২৬ দিন পেৰ’লত জেলৰ বাহিৰত কটায়। ২০ জানুৱাৰীৰ পৰা তেওঁক ১৪২ দিনৰ পেৰ’ল দিয়া হৈছিল আৰু গত বছৰ চাৰি মাহৰ পেৰ’ল পাইছিল। এতিয়া এই নিয়মীয়া পেৰ’লক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
অধিবক্তাসকলে অভিযোগ কৰিছে যে ৰাম ৰহিমৰ হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু ছিৰছাত বৃহৎ ভক্ত আৰু ভোট বেংক থকাৰ কাৰণে ৰাজনৈতিক দলৰ পৰা তেওঁ সুবিধা পাইছে। এই পেৰ’লৰ ক্ষেত্ৰত ন্যায়ৰ প্ৰশ্নই জনতাৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে।