NORTHEAST NOW (Assamese)

অচ্ছে দিন! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য , কিমান বাঢ়িল?

May 7, 2022 4:43 pm · এন ই নাও নিউজ,গুৱাহাটী

অচ্ছে দিনৰ সপোন দেখুৱাই থকা মোদীৰ চৰকাৰে আজি দেশৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই পুনৰ বৃদ্ধি কৰিলে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

সেইমৰ্মে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৫০টকাকৈ বৃদ্ধি কৰা হৈছে।

বিগত দুমাহৰ ভিতৰত এয়া ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ দ্বিতীয়টো ঘটনা।

আনহাতে চলিত মাহৰ আৰম্ভণিতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল।

আজি পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ ফলত ১৪.২ কিলোগ্ৰাম ওজনৰ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য এতিয়া দিল্লীত ৯৯৯.৫০ টকা হৈছে।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি যোৱা ২২ মাৰ্চতো কৰা হৈছিল।

সেই সময়তো প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল।

আনহাতে ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া ২,৩৫৫.৫০ টকা হৈছে। দাম বৃদ্ধিৰ পূৰ্বে এনে চিলিণ্ডাৰৰ মূল্য আছিল ২,২৫৩ টকা।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ভৰত একপ্ৰকাৰ কোঙা হৈ পৰা সাধাৰণ জনতাৰ বাবে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি নতুন অভিশাপ হৈ আহিছে।

Related News