• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বান্দৰ নামিল চুৰি বিদ্যাত! আৰক্ষীক জোলোকা-জোলোকে পানী খুৱালে বান্দৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2022 4:10 pm
Monkey Fled With Evidence

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বান্দৰৰ বান্দৰামিয়ে মানুহক বিপদত পেলোৱাৰ উদাহৰণ নিশ্চয় পাইছে। অনেক অদ্ভুত কাৰচাজিৰে বান্দৰে মানুহৰ অনিষ্ট সাধন কৰাৰ লগতে সময়ে সময়ে কিছুমান কৰ্মকাণ্ডৰ দ্বাৰা হাঁহিৰ খোৰাকো যোগাই আহিছে।

বান্দৰৰ বান্দৰামিৰ পৰা সাৰি নগ’ল খোদ আৰক্ষীও। আৰক্ষীৰ পৰাই প্ৰয়োজনীয় নথিপত্ৰৰ লগতে এটা গোচৰৰ প্ৰমাণ থকা বেগ চুৰি কৰি আৰক্ষীক জোলোকা-জোলোকে পানী খোৱালে বান্দৰে।

Apply Now

আনহে নালাগে বান্দৰৰ এই বান্দৰামিৰ বাবেই নিলম্বনৰো সন্মুখীন হ’বলগীয়া হ’ল এজন আৰক্ষী কনিষ্টবল। দেশৰ আগশাৰীৰ সংবাদ মাধ্যম টাইমছ্ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই আমোদজনক খবৰ।

প্ৰতিবেদন অনুসৰি ৰাজস্থানৰ আৰক্ষীয়ে এটা হত্যাৰ গোচৰৰ শুনানিৰ সময়ত আদালতৰ সন্মুখত এটা উদ্ভট ব্যাখ্যা উপস্থাপন কৰিছে। এটা বান্দৰে গোচৰটোত আৰক্ষীয়ে সংগ্ৰহ কৰা প্ৰমাণ লৈ পলাই গৈছে বুলি আদালতৰ সন্মুখত আৰক্ষীয়ে মন্তব্য কৰিছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি আৰক্ষীৰ জিম্মাৰ পৰা বান্দৰে চুৰি কৰা সামগ্ৰীবোৰৰ ভিতৰত আছিল হত্যাত ব্যৱহৃত অস্ত্ৰও।

আৰক্ষীয়ে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ চান্দৱাজী অঞ্চলৰ শশীকান্ত শৰ্মা নামৰ এজন ব্যক্তিৰ মৃত্যুৰ তদন্ত কৰি আছে। প্ৰতিবেদন অনুসৰি, শৰ্মাৰ পৰিয়ালে অভিযোগ কৰিছিল যে তেওঁক হত্যা কৰা হৈছিল।

এই অভিযোগৰ পিছতে আনকি পৰিয়ালটোৱে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত দিল্লী-জয়পুৰ ঘাইপথ অৱৰোধ কৰিছিল।

আৰক্ষীয়ে পাঁচ দিন পিছত ৰাহুল আৰু মোহনলাল কান্দেৰা নামৰ দুজন লোকক হত্যাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে।

তেওঁলোকক অতিৰিক্ত জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে হত্যাৰ অস্ত্ৰসহ সকলো প্ৰমাণ থকা বেগটো আৰক্ষী থানাৰ এজোপা গছৰ তলতে ৰখা হৈছিল।

আদালতে শেহতীয়াকৈ আৰক্ষীক গোচৰটোৰ লগত জড়িত প্ৰমাণ উপস্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে আৰক্ষীৰ মন্তব্যই সকলোৰে চকু কপালত তোলে। আৰক্ষীয়ে আদালতত এই গোচৰৰ সকলো প্ৰমাণ বান্দৰে চুৰি কৰিছে বুলি দায়সৰা মন্তব্য দিয়ে।

আৰক্ষীৰ এই দায়িত্বজ্ঞানহীন উত্তৰত ক্ষুব্ধ হৈ আদালতে আৰক্ষীক জাননী জাৰি কৰে। ইয়াৰ পিছতে ৰাজ্যখনৰ আৰক্ষী বিভাগে এই অসাৱধানতাৰ বাবে এজন কনিষ্টবলক চাকৰিৰ পৰা নিলম্বিত কৰে।

সম্প্ৰতি এই অদ্ভুত খবৰটো সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো প্ৰচাৰ হোৱাৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd