লকডাউন-কাৰফিউৰ মাজতে ৰখাই থোৱা বিলাসী জাহাজত বিলাসী সুৰাৰে আৰক্ষীৰ নৈশ পাৰ্টী

গুৱাহাটী মহানগৰীত এফালে লকডাউন আনফালে নৈশ কাৰফিউ তাৰ মাজতে একাংশ উচ্চ পদস্থ আৰক্ষী বিষয়াই মদ-মাংসৰে নৈশ পাৰ্টি কৰা ফটো-ভিডিঅ’ ভাইৰেল হোৱাত ৰাজ১জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

খোদ মহানগৰীতে সংঘটিত হৈছে এই কাণ্ড।

যি সময়ত লকডাউন ভংগকাৰী একাংশ জনতাক লাঠীৰে প্ৰহাৰ কৰি বা গোচৰ ৰুজু কৰি চিধা কৰিবলৈ চেষ্টা কৰি আহিছে, তেনে সময়তে স্বয়ং এইসকল আৰক্ষীক কোনে নাকী লগাব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

যোৱা ৫ জুলাইৰ নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ পাৰত ৰখাই থোৱা টি এফ দামোদৰ নামৰ জাহাজখনত বিলাতী সুৰাৰ ৰাগীত মাতাল হৈ আছিল উপ আৰক্ষী আয়ুক্ত আৰু সহকাৰী আৰক্ষী আয়ুক্ত পৰ্যায়ৰ কেইবাগৰাকী আৰক্ষী।

উক্ত মেহফিলত কেইবাগৰাকী মহিলা আৰক্ষীয়েও অংশগ্ৰহণ কৰিছিল বুলি ভিডিঅ’ত প্ৰকাশ পাইছে।

স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে মহানগৰীত লকডাউন চলি থকাৰ সময়ত বন্ধ আছে সুৰাৰ বিপনীসমূহ। তেনে ক্ষেত্ৰত দামী বিলাতী সুৰা কৰ পৰা লাভ কৰিলে আৰক্ষীয়ে।

এই কথাকে সোধাত দায়সৰা মন্তব্য এগৰাকী আৰক্ষী বিষয়াৰ। পানবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ জন্মদিন উপলক্ষে বহিছিল এই মেহফিল।

“পানবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত নব কুমাৰ ডেকাৰ জন্মদিন উপলক্ষে এসাজ ভাত খোৱাৰ উদ্দেশ্যে আৰক্ষীৰ বিষয়াসকল লগ হৈছিলো। আমি একো গীত মাত কৰা নাই গতিকে একো বেয়াও কৰা নাই।” এগৰাকী আৰক্ষী বিষয়াৰ সংবাদ মাধ্যমৰ আগত এই মন্তব্য।

ইতিমধ্যে, আৰক্ষী বিষয়াৰ এনে কেতবোৰ বিশেষ ফটোগ্ৰাফ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাত সকলোৱে একেমুখেই কৈছে “আৰক্ষীয়ে কৰিলে লীলা; সাধাৰণ জনতাই কৰিলে ধৰি-বান্ধি কিলা।”

লকডাউনৰ নীতি নিৰ্দেশনা ভংগ কৰাৰ উপৰি কেইজনমানে আৰক্ষীৰ পোছাকতেই যোগদান কৰিলে এই পাৰ্টিত। মুখত নাই মাস্ক কোনোৱে মানি নচলিলে সামাজিক দূৰত্ব।

ইপিনে, আৰক্ষী মহলক জন মানসত হেয় প্ৰতিপন্ন কৰা এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে এতিয়া বিশেষ তৎপৰতা অৱলম্বন কৰিছে ৰাজ্যৰ মুখ্য সচিবে।

মহানগৰ আৰক্ষী আয়ুক্তক এই ঘটনাৰ উচিত তদন্ত কৰি অচিৰেই এক প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই।