NORTHEAST NOW (Assamese)

মৃতদেহ সৎকাৰকলৈয়ো চৰম হেমাহি! এম্বুলেন্সৰ পৰা ছিটিকি পৰিল কৰ’না ৰোগীৰ মৃতদেহ

April 24, 2021 12:31 pm · এন ই নাও নিউজ

কৰ’না আক্ৰান্ত মৃত ৰোগীৰ সৎকাৰকলৈয়ো এইবাৰ গাফিলতিৰ অভিযোগ উঠিছে। হাস্পাতলৰ গেটৰ পৰা এম্বুলেন্স ওলাই আহোতেই ৰাস্তাত ছিটিকি পৰিল কৰ’না ৰোগীৰ মৃতদেহ।

এই ঘটনাৰ পাছতেই হাস্পাতালৰ ভূমিকাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হাস্পাতালখনৰ আশে পাশে থকা লোকসকল আতংকিত হৈ পৰে।

শুকুৰবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাত অটল বিহাৰী বাজপেয়ী হাস্পাতালৰ পৰা কৰ’না ৰোগীৰ মৃতদেহ কঢ়িয়াই অনা এখন এম্বুলেন্স বাহিৰলৈ ওলাইছিল।

হাস্পাতালৰ গেটৰ পৰা বাহিৰ ওলাই এপাক ঘুৰোতেই এম্বুলেন্সৰ পৰা ৰাস্তাত ছিটিকি পৰিল এটা কৰ’না ৰোগীৰ মৃতদেহ। লগে লগে কৰ’না ৰোগীৰ পৰিয়ালৰ সদস্য আৰু স্থানীয় লোক ঘটনাস্থলীলৈ দৌৰি আহে।

তেওঁলোকে হাস্পাতলখনত প্ৰৱেশ কৰি প্ৰতিবাদ আৰম্ভ কৰে। ইয়াকে লৈ গোটেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহ সৎকাৰকলৈ প্ৰশ্নৰ অৱতাৰণা হয়।

নিয়ম অনুসৰি, কৰ’না আক্ৰান্তৰ মৃতদেহ সৎকাৰৰ দায়িত্ব পৌৰসভাৰ। সম্প্ৰতি পৰিয়ালৰ দুজন সদস্যকো তাৰ অনুমতি দিয়া হৈছে।

কিন্তু হাস্পাতখনৰ বাহিৰত থকা ৰোগীৰ পৰিয়ালৰ অভিযোগ মতে সঠিক সময়ত পৰিয়ালক মৃতদেহ দিয়া হোৱা নাই। বহু সময়ত ৰোগীৰ মৃত্যুৰ কথাও পৰিয়ালক জনোৱা হোৱা নাই।

পৰিয়ালৰ সদস্যসকলৰ অভিযোগ যে হাস্পাতলখনৰ কৰ্তৃপক্ষই তেওঁলোকক ৰোগীৰ সৈতে দেখা কৰাৰ অনুমতিতো দিয়াই নাই, তেওঁলোকৰ অৱস্থা সম্পৰ্কেও কোনো তথ্য দিয়া নাই। আনকি হাস্পাতালখনৰ লেণ্ডলাইন বা হেল্পলাইন নম্বৰসমূহত ফোন কৰিলেও কোনো উত্তৰ পোৱা নাযায়।

উক্ত ঘটনাৰ সময়তো এম্বুলেন্সখনত কিমানটা মৃতদেহ আছিল তাক লৈ প্ৰশ্ন তুলিছে ঘটনাস্থলীত উপস্থিত লোকসকলে।

ইপিনে, অটল বিহাৰী বাজপেয়ী হাস্পাতালৰ এগৰাকী চিকিৎসকে কয় যে প্ৰত্যেকেই তেওঁলোকৰ আত্মীয়ৰ সম্পৰ্কত জানিব বিচাৰে। তেওঁলোকৰ উদ্বেগৰ কাৰণো আছে। কিন্তু সকলোকে আমি অনুমতি দিব নোৱাৰো। সকলোৱে চিকিৎসাত ব্যস্তা থকাৰ বাবে ফোনৰ উত্তৰ দিয়া সম্ভৱ নহয়।

Related News